National

চাকৰিত যোগদানৰ এদিন পূৰ্বে নীলোৎপলৰ লগত সংঘটিত হয় দুৰ্ঘটনা, মুহূৰ্তেতে হেৰাই গ’লে দুটাকৈ সুন্দৰ ভৱিষ্যৎ

নিউজ ডেক্স, ৪ নৱেম্বৰঃ
চাকৰিত যোগদানৰ এদিন পূৰ্বে অজান দেশলৈ মৰাণৰ নীলোৎপল দুৱৰী। মেঘালয়ৰ ৰি-ভৈ জিলাৰ ছাংবাংলাত গুৱাহাটী-শ্বিলং সংযোগী ৬নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত নিহত মৰাণৰ দুই যুৱক-যুৱতী। নিহত যুৱকজন হৈছে মৰাণৰ ২নং সৰুপথাৰ গাঁৱৰ নীলোৎপল দুৱৰী (২৩) আৰু যুৱতীগৰাকী মৰাণৰ জ্যোতিপুৰ গদাধৰ সিংহ পথৰ গাৰ্গী চুতীয়া (২১)।
গুৱাহাটীৰ পৰা AS-01-FF-3367 নম্বৰৰ এখন ৰয়েল এনফিল্ড হিমালয়ান ভাড়া কৰি ফুৰিবলৈ গৈছিল দুয়ো। বাইকেৰে গৈ থকা অৱস্থাত ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ হয়। শোকাৱহ পথ দুৰ্ঘটনাত চিৰদিনৰ বাবে হেৰাই গ’ল দুটা সুন্দৰ ভৱিষ্যৎ। ইতিমধ্যে আজি পুৱায়েই মৃত নীলোৎপল দুৱৰীৰ শেষকৃত্য সম্পন্ন হয়। আনহাতে পথ দুৰ্ঘটনাত মৃত্যু হোৱা গাৰ্গী চুতীয়া আছিল পিতৃ-মাতৃৰ একমাত্ৰ জীয়ৰী। গাৰ্গীয়ে ডিব্ৰুগড়ত B-PHARMA পঢ়ি আছিল বুলি জানিব পৰা গৈছে। অকালতে দুগৰাকীক মেধাৱীৰ মৃত্যুত শোকৰ ছাঁ পৰিছে সমগ্ৰ মৰাণত।
শনিবাৰে Microsoft 365ৰ Field Officer পদৰ চাকৰি নীলোৎপলৰ নিশ্চিত হৈছিল আৰু সোমবাৰ অৰ্থাৎ আজি সপোনৰ চাকৰিটোত যোগদান কৰাৰ কথা আছিল নীলোৎপলে। সপোনৰ চাকৰিটো লাভ কৰি আনন্দত আত্মহাৰা নীলোৎপল দুৱৰী। সেহেয়ে প্ৰেমিকাক লৈ ফুৰিবলৈ আহিছিল শ্বিলঙলৈ। কিন্তু আধাবাটতে কাল নামি অহা বাবে চিৰদিনৰ বাবে হেৰাই গ’ল দুটা সুন্দৰ ভৱিষ্যৎ। জনম-জনমলৈ এক হোৱাৰ সপোনবোৰ সপোন হৈয়ে থাকিল নিলোৎপল আৰু গাৰ্গীৰ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button