National

দ-খাৱৈত বাগৰি পৰিল যাত্ৰী ভৰ্তি বাছ, নিহত…

নিউজ ডেক্স, ৪ নৱেম্বৰঃ
উত্তৰাখণ্ডৰ আল্মৌড়াত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো। কিনাথৰ পৰা ৰামনগৰ অভিমুখী এখন যাত্ৰীবাহী বাছ নিয়ন্ত্ৰণ হেৰুৱাই দ খাঁৱৈত পৰে। দ খাঁৱৈত পৰা বাছখনৰ পৰা এতিয়ালৈকে ২০গৰাকী যাত্ৰীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। এতিয়াও বহু লোক নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে। আনহাতে এতিয়াও বহুকেইগৰাকী আহত যাত্ৰী চিকিৎসাধীন হৈ আছে। জানিব পৰা অনুসৰি দুৰ্ঘটনাত পতিত বাছখনত প্ৰায় ৪০ৰ পৰা ৪৫গৰাকীকৈ যাত্ৰী আছিল।
ঘটনাটো সংঘটিত হোৱাৰ পাছতে মুখ্যমন্ত্ৰীয়ে তদন্তৰ ঘোষণা কৰাৰ লগতে মৃতকৰ পৰিয়ালৈ ৪লাখ আৰু আহতৰ পৰিয়াললৈ ১লাখ টকা আৰ্থিক সাহায্য প্ৰদানৰ কথা ঘোষণা কৰে। উক্ত ঘটনাটোক লৈ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত কৰিবলৈ মুখ্য সচিবক নিৰ্দেশো প্ৰদান কৰিছে মুখ্যমন্ত্ৰীয়ে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button