National

ৰিলেই কাল হ’ল!ৰিল বনাই থাকোঁতেই জলপ্ৰপাতত পৰি INFLUENCER আনভি কামদাৰৰ মৃত্যু

নিউজ ডেক্স, ১৯ জুলাইঃ
কেৱল নিছা নহয়, ৰীল বনোৱাটো তেওঁৰ পেছাও আছিলা ৷ সেই পেছাই প্রাণ ল’লে এগৰাকী ইনফ্লুয়েঞ্চাৰৰ। ৰিল বনাই থাকোঁতেই জলপ্ৰপাতত পৰি আনভি কামদাৰে হেৰুৱালে প্ৰাণ। ইনষ্টাগ্রাম INFLUENCER তেওঁৰ ট্রেভেল ব্লগসমূহৰ বাবে বেছ জনপ্রিয় আছিলা ৷ ফুৰিবলৈ ভাল পোৱাৰ লগতে ইনষ্টাগ্ৰামত ভ্ৰমণ সংক্ৰান্তীয় তথ্যৰে ৰিল ভিডিঅ’ পোষ্ট কৰে তেওঁ। মুম্বাইৰ বাসিন্দা অনভি কামদাৰৰ অনুৰাগীৰ সংখ্যা বহু বেছি আছিল।
১৬ জুলাইত বৰষুণৰ বতৰত মহাৰাষ্ট্ৰৰ ৰায়গড় জিলাৰ কুম্ভে জলপ্ৰপাতলৈ ফুৰিবলৈ গৈছিল অনভি। তেওঁৰ সৈতে আছিল সাতজন বন্ধুও গৈছিল। অনুৰাগীৰ বাবে ৰিল ভিডিঅ’ বনাবলৈ জলপ্ৰপাতৰ তললৈ যায় যুৱতীগৰাকী। কিন্তু নিজকে চম্ভালিব নোৱাৰি ভৰি পিছলি ৩০০ ফুট তলত পৰি যায় আনভি। লগত যোৱা বন্ধুৱে আনভিক বচাবলৈ চেষ্টা কৰে যদিও বিফল হয়। প্ৰশাসন আৰু স্থানীয় ৰাইজৰ সহযোগত আনভিক উদ্ধাৰ কৰি লৈ যোৱা হাস্পতাললৈ। কিন্তু চিকিৎসাধীন অৱস্থাত মৃত্যুক আঁকোৱালি লয় আনভি। ভৰ বাৰিষা তাৰ পৰিস্থিতি খুবেই বেয়া আছিল। সকলো সময়তে খাৱৈৰ ভিতৰত গধুৰ শিল পৰে বুলি দাবী কৰে আৰক্ষীয়ে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button