Political

ৰাহুল গান্ধীলৈ সকাহ!বিজেপিৰ মানহানিৰ গোচৰত ৰাহুল গান্ধীৰ জামিন প্ৰদান

নিউজ ডেক্স, ৭ জুনঃ
বিজেপিৰ মানহানিৰ গোচৰত শুকুৰবাৰে বাংগালুৰুৰ এখন বিশেষ আদালতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক জামিন প্ৰদান কৰে। ৰাহুল গান্ধীক ডি কে সুৰেশে প্ৰদান কৰা নিৰাপত্তাৰ ওপৰত জামিন দিয়া হয়। পৰৱৰ্তী শুনানি ৩০ জুলাইত হ’ব।

ইয়াৰ পূৰ্বে, কৰ্ণাটক কংগ্ৰেছৰ মুৰব্বী ডি কে শিৱকুমাৰ আৰু মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়াক একেটা গোচৰত ১ জুনত জামিন দিয়া হৈছিল। কংগ্ৰেছ নেতাসকলৰ বিৰুদ্ধে বিজেপিয়ে দাখিল কৰা মানহানিৰ গোচৰত ৰাহুল গান্ধী চতুৰ্থজন অভিযুক্ত। কংগ্ৰেছ দল, শিৱকুমাৰ আৰু সিদ্ধাৰামাইয়া হৈছে আন অভিযুক্ত ব্যক্তি।

বাতৰি কাকতত মানহানিকাৰ বিজ্ঞাপন দিয়াৰ অভিযোগ ৰাহুল গান্ধীৰ বিৰুদ্ধে। যোৱা বছৰ ৰাজ্যৰ নিৰ্বাচনৰ পূৰ্বে দিয়া এটা বিজ্ঞাপনত ৰাজ্যখনৰ তদানীন্তন বিজেপি চৰকাৰে ২০১৯-২০২৩ বৰ্ষৰ ভিতৰত বৃহৎ পৰিসৰৰ দুৰ্নীতিত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন হৈছিল।

শেহতীয়া ঘটনা অনুসৰি যোৱা বছৰ কৰ্ণাটকত বিধানসভা নির্বাচন অনুষ্ঠিত হৈছিল। এই সময়ছোৱাত কংগ্ৰেছে ২০১৯-২০২৩ বৰ্ষৰ শাসনকালত তদানীন্তন বিজেপি চৰকাৰে বৃহৎ পৰিসৰৰ দুৰ্নীতিত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন কৰিছিল।

ইয়াৰ পিছত কৰ্ণাটক বিজেপিয়ে কংগ্রেছ নেতা ৰাহুল গান্ধী, মুখ্যমন্ত্রী সিদ্দাৰমাইয়া আৰু উপ-মুখ্যমন্ত্রী ডিকে শিৱকুমাৰৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰে। অভিযোগ কৰে যে এই কংগ্ৰেছ নেতাসকলে তেতিয়াৰ মুখ্যমন্ত্রী বাসৱৰাজ বোমাইকে ধৰি বিজেপি নেতাসকলৰ বিৰুদ্ধে আগশাৰীৰ বাতৰি কাকতত ভুৱা বিজ্ঞাপন দিছিল।

লগতে কংগ্ৰেছে ‘দুর্নীতিৰ হাৰ কাৰ্ড’ প্ৰকাশ কৰি সকলো ৰাজহুৱা কামত ৪০ শতাংশ কমিচন লোৱাৰ অভিযোগ উত্থাপন কৰে। একে সময়তে ৰাহুল গান্ধীয়েও নিজৰ ছ’চিয়েল মিডিয়া একাউন্ট এক্সত এটা অপমানজনক বিজ্ঞাপন পোষ্ট কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button