National

ৰাম মন্দিৰৰ মুধচৰ পৰা ওলালে হোৰাহোৰে পানী

নিউজ ডেক্স, ২৬ জুন

এজাক বৰষুণত প্লাবিত হৈছে ৰাম জন্মভূমি অয্যোধা।অয্যোধাৰ ৰাম মন্দিৰৰ চালৰ পৰা পানী টোপাল টোপালকৈ পৰিছে’ বুলি দাবী কৰিছে মুখ্য পুৰোহিত সত্যেন্দ্ৰ দাসে। ইয়াৰ প্ৰধান পুৰোহিত সত্যেন্দ্ৰ দাসে কয় যে ৰামলালা বহি থকা ঠাইত পানী টোপাল টোপালকৈ পৰি আছে।

ইয়াৰ বাবেই মন্দিৰ চৌহদটোও পানীৰে ভৰি পৰিছিল। তেওঁ কয় যে কোনো ধৰণৰ নিষ্কাশনৰ ব্যৱস্থা কৰা হোৱা নাই আৰু এই সমস্যা শীঘ্ৰে সমাধান কৰিব লাগে। প্ৰধান পুৰোহিতে কয় যে যি নিৰ্মাণ কৰা হৈছে তাত ক’ত অভাৱ হৈছে যাৰ বাবে পানী মুধচৰ পৰা ওলাইছে সেয়া চাব লাগে। অভিযন্তা সকলে নিৰ্মাণৰ সময়ত পানী ওলাই যোৱা ব্যৱস্থা নৰখাৰ অভিযোগ উত্থাপিত হৈছে।

তেওঁ কয় যে এই সমস্যাটো প্ৰথমে সমাধান কৰিব লাগে। সোনকালেই এই সমস্যাৰ সমাধান নিশ্চিত কৰিব লাগিব। যদি বৰষুণ দিবলৈ আৰম্ভ কৰে তেন্তে তাত পূজা কৰাটোও কঠিন হৈ পৰিব।

অৱশ্যে ৰাম মন্দিৰ নিৰ্মাণ সমিতিৰ অধ্যক্ষ নৃপেন্দ্ৰ মিশ্ৰই তেওঁৰ বিবৃতিত পানী লিক হোৱাৰ অভিযোগ সন্দৰ্ভত কয়, “মই অযোধ্যাত প্ৰথম মহলাৰ পৰা বৰষুণৰ পানী পৰি থকা দেখিছো। এইটো স্বাভাৱিক কাৰণ গুৰু মণ্ডপ আকাশৰ সমানেই ওখ দ্বিতীয় মহলাটোৰ সংস্পৰ্শত আছে আৰু শিখৰৰ কাম সম্পূৰ্ণ হোৱাৰ লগে লগে সেয়া বন্ধ হৈ যাব।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button