Uncategorized

ৰামোজী ফিল্ম চিটীৰ প্ৰতিষ্ঠাপক ৰামোজী ৰাওৰ দেহাৱসান

নিউজ ডেক্স, ৮ জুনঃ
দীৰ্ঘদিন ধৰি শাৰীৰিক অসুস্থতাত ভুগি থকা ৰামোজী গ্ৰুপ অৱ কোম্পানীৰ অধ্যক্ষ ৰামোজী ৰাওৰ শনিবাৰৰ পুৱাই দেহাৱসান ঘটে ৷ চলিত মাহৰ 5 তাৰিখে ৰাওৱে শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভোগাত হায়দৰাবাদৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । চিকিৎসাধীন অৱস্থাতে শনিবাৰৰ পুৱা প্ৰায় 4:50 বজাত শেষ নিশ্বাস ত্যাগ কৰে তেলুগু সমাজ জীৱনত গভীৰভাৱে প্ৰভাৱ বিস্তাৰ কৰি অহা ৰামোজী ৰাও-এ ।তেলেংগানা চৰকাৰে ঘোষণা কৰিছে যে ৰামোজী ৰাওক ৰাজ্যিক সন্মানেৰে অন্ত্যেষ্টিক্ৰিয়া কৰা হ’ব।

বিশ্বৰ সৰ্ববৃহৎ ফিল্ম ষ্টুডিঅ’ ৰাম’জী ফিল্ম চিটীৰ প্ৰতিষ্ঠাপক আছিল ৰাম’জী ৰাও। সংবাদ মাধ্যমৰ ক্ষেত্ৰত ৰামোজী ৰাও এটা ডাঙৰ নাম আছিল। এই দুই উদ্যগোৰ উপৰিও তেওঁ আছিল প্ৰডাকচন হাউচ উষা কিৰণ মভিছ, চিনেমা বিতৰক কোম্পানী ময়ূৰী ফিল্ম ডিষ্ট্ৰিবিউটৰ, ফাইনেন্সিয়েল ছাৰ্ভি মাৰগাডাৰ্ছি চিট ফাণ্ড আৰু হোটেল গ্ৰুপ ডলফিন গ্ৰুপ অফ হোটেল আদিৰ প্ৰতিষ্ঠানৰ মূৰব্বী।

ৰাম’জী ইটিভি নেটৱৰ্ক আৰু তেলেগু বাতৰি কাকত ইনাডুৰ দূৰদৰ্শন চেনেলসমূহৰ মুৰব্বীও আছিল। সাংবাদিকতা, সাহিত্য আৰু শিক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে ৰামোজীক ২০১৬ চনত দেশৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক বঁটা পদ্ম বিভূষণ বঁটা প্ৰদান কৰা হৈছিল।

ৰাম’জী ৰাওৰ মৃত্যুত শোকপ্ৰকাশ নৰেন্দ্ৰ মোদী, ৰাজনাথ সিঙৰ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button