Health

ৰাতিপুৱা খালী পেটত চাহ খাই ভাল পায় নেকি আপুনিও ? সাৱধান, বহু সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা…

নিউজ ডেক্স, ২৫ জুনঃ

ভাৰতত, চাহ কেৱল পানীয় নহয় কিন্তু তাতকৈ বহুত বেছি। আমাৰ বেছিভাগেই ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে একাপ চাহ খাবলৈ ভাল পায়। কিয়নো বহুলোকে এইটোও বিশ্বাস কৰে যে যদি তেওঁলোকৰ দিনটো চাহ বা কফিৰে আৰম্ভ নহয়, তেন্তে তেওঁলোক অলস হৈ পৰে। কিন্তু আপোনাৰ এই অভ্যাসে স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে। যদি ভাল পাই তেন্তে আপুনিও সচেতন হোৱা উচিত। । কিয়নো খালী পেটত চাহ খোৱাটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে। খালী পেটতে চাহ খোৱাৰ সমস্য়া সমূহৰ বিষয়ে জানক-
ৰাতিপুৱা খালী পেটত চাহ খোৱাৰ অসুবিধা

১. পেটৰ বাবে
খালী পেটত চাহ খালে গেষ্ট্ৰিক, এচিডিটি হ’ব পাৰে। যাৰ ফলত আপুনি পেটত জ্বলা-পোৰা আৰু অস্বস্তি অনুভৱ কৰিব পাৰে। যদি আপোনাৰ এনে কোনো সমস্যা আছে, তেন্তে আপুনি ৰাতিপুৱা খালী পেটত চাহ খোৱা বন্ধ কৰক।

২. টোপনিৰ ব্যাঘাত
যদি আপোনাৰ টোপনি যোৱাত সমস্যা আছে ভুলতেও চাহ নাখাব। চাহত থকা কেফেইনৰ পৰিমাণে টোপনিত প্ৰভাৱিত কৰিব পাৰে।

৩. আইৰণৰ অভাৱ
যিসকল লোকৰ আইৰণৰ অভাৱ আছে তেওঁলোকে খালী পেটত চাহ খাব নালাগে। চাহত টেনিন্স থাকে যি আইৰণ হ্ৰাস কৰিব পাৰে।

৪. দাঁতৰ বাবে
ৰাতিপুৱা খালী পেটত চাহ খালে দাঁতৰো ক্ষতি হয়। ইয়াৰ বাবে দাঁতৰ বাহিৰৰ তৰপটোৰ ক্ষতি হ’ব পাৰে আৰু দাঁতত ক্ষয়ৰ আশংকা বৃদ্ধি পায়।। চাহত টেনিক এচিড থাকে যাৰ ফলত দাঁতত দাগ আৰু হালধীয়া হ’ব পাৰে।

৫. মেজাজ সলনি হয়
যদি আপুনি অত্যাধিক চাহ খায়, তেন্তে আজিৰ পৰা বন্ধ কৰক। ৰাতিপুৱা খালী পেটত চাহ খালে মেজাজ সলনি আৰু ভাগৰ লাগিব পাৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button