ৰাজ্যৰ লাখ-লাখ শিক্ষাৰ্থীলৈ ডাঙৰ খবৰ!নৱম-দশম শ্ৰেণীত অধ্যয়নৰত শিক্ষাৰ্থীৰ বাবে ছেবাৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।
নিউজ ডেক্স, ৩০ মে’
নৱম-দশম শ্ৰেণীত অধ্যয়নৰত শিক্ষাৰ্থীৰ বাবে ছেবাৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। নৱম-দশম শ্ৰেণীৰ প্ৰথম গোট , ছয়মাহিলী, দ্বিতীয় গোট আৰু বছৰেকীয়া পৰীক্ষাত শিক্ষাৰ্থীয়ে লাভ কৰা নম্বৰ পৰ্টেলট দাখিল কৰিবলৈ বিদ্যালয়সমূহক নিৰ্দেশ দিছে ছেবাই। ৩০ জুনৰ পৰা মুকলি হ’ব sebaservice.in প’র্টেল । বাধ্যতামূলকভাবে এই প’র্টেলত আপলোড কৰিব লাগিব প্ৰতিটো গোট পৰীক্ষাৰ নম্বৰ।নৱম শ্ৰেণীৰ প্ৰাপ্ত নম্বৰ দাখিল নকৰা শিক্ষাৰ্থীয়ে পূৰণ কৰিব নোৱাৰিব মেট্ৰিকৰ প্র-পত্র। তদুপৰি কোনো শিক্ষাৰ্থীয়ে যদি কোনো বিষয় সলনি কৰিব বিচাৰে তেন্তে দশম শ্ৰেণীৰ প্ৰথম গোট পৰীক্ষাৰ পূৰ্বে পঞ্জীয়ন কাৰ্ডখন শুধৰণিৰ ব্যৱস্থা কৰিব পাৰিব।
অনুত্তীৰ্ণ বা আধাতে শিক্ষা সামৰা শিক্ষাৰ্থীয়ে যদি দশম শ্ৰেণীত পুনৰ নামভৰ্তি কৰে, তেন্তে পূৰ্বৰ বৰ্ষৰ নৱম শ্ৰেণীৰ বছৰকীয়া পৰীক্ষাৰ নম্বৰ পৰ্টেলট অন্তৰ্ভুক্ত কৰিব পাৰিব।