Education

ৰাজ্যৰ লাখ লাখ ছাত্ৰীৰ বাবে ভাল খবৰ

নিউজ ডেক্স, ১২ জুনঃ

ৰাজ্যৰ লাখ লাখ ছাত্ৰীৰ বাবে আহি পৰিছে ভাল খবৰ
কেবিনেট বৈঠকৰ অন্তত সংবাদমেলত ‘নিযুত মইনা আঁচনি’ক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও মন্তব্য প্ৰকাশ । এই আঁচনিৰ সহায়ত
দশম শ্ৰেণী উত্তীৰ্ণ হৈ একাদশ শ্ৰেণীত নামভৰ্তি কৰা ছাত্ৰীয়ে পাব ১০০০ টকা।গৰম বন্ধৰ দুটা মাহৰ বাদে বাকী মাহত লাভ কৰিব এই সুবিধা। যি সকল ছাত্ৰীয়ে স্নাতক পৰ্যায়ৰ তেওঁলোকে পাব ১২৫০ টকা আৰু
স্নাতকোত্তৰ পৰ্যায়ৰ ছাত্ৰীসকলে পাব ২৫০০ টকাকৈ ।

ৰাজ্য চৰকাৰে উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰীসকলৰ স্কুটাৰ পোৱা ব্যৱস্থা কৰিছে। যিসকল ছাত্ৰীয়ে এই সুবিধা গ্ৰহণ কৰে সেইসকল ছাত্ৰীয়ে লাভ নকৰে এই সুবিধা। অন্তৰ্ভুক্ত নহ’ব ‘নিযুত মইনা আঁচনি’ৰ অধীনত’। আনহাতে মন্ত্ৰী , বিধায়কয়ৰ ছোৱালীয়ে লাভ নকৰে এই বিশেষ সুবিধা ।অৱশ্যে স্কুটাৰ নলৈ ল’ব পাৰিব আঁচনিৰ সুবিধা।

১১ অক্টোবৰৰ পৰা ৰাজ্যৰ ছাত্ৰীসকলে লাভ কৰিব নিযুত মইনা আঁচনিৰ ধন। ৰাজ্যিক কেবিনেট দিলে ‘নিযুত মইনা আঁচনিক’ স্বীকৃতি। যিসকল ছাত্ৰী আচলতে শিক্ষাৰ প্ৰতি আগ্ৰহী। যিসকল ছোৱালী শিক্ষাৰ জৰিয়তে নিজৰ জীৱনটো পোহৰাই তুলিব বিচাৰে কিন্তু অৰ্থৰ অভাৱত সময়ত তেওঁলোকে নিজৰ সপোন পূৰণ কৰিব নোৱাৰে।অথবা ছোৱালী গৰাকীৰ পিতৃ- মাতৃয়ে প্ৰাথমিক শিক্ষা প্ৰদান কৰি নিজৰ দায়িত্ব পৰা হাত সাৰিবলৈ বিচাৰে। সেই ছোৱালীসকলৰ বাবে ৰাজ্য চৰকাৰৰ এই বিশেষ আঁচনি। পিতৃ – মাতৃয়ে কম বয়সতে বিয়া দিয়াৰ সলনি যাতে নিজৰ ছোৱালী জনিক পঢ়া-শুনাৰ সুবিধা দিয়ে। ছোৱালীজনীয়ে যাতে দশম উত্তীৰ্ণ হৈ দ্বাদশ লৈ পঢ়িব পাৰে।অথবা আৰু উচ্চ স্তৰৰ শিক্ষা লাভ কৰিব পাৰে। তাৰ বাবে ৰাজ্য চৰকাৰে এই আঁচনিৰ ব্যৱস্থা কৰিছে। ছোৱালীসকলক কম বয়সতে বিয়া দিয়াৰ বিপৰীতে পঢ়া-শুনা শিক্ষিত কৰি আত্মনিৰ্ভৰশীল হিচাপে গঢ়ি তুলিবলৈ চৰকাৰ এই প্ৰচেষ্টা। মুখ্যমন্ত্ৰী ‘নিযুত মইনা আঁচনি’ৰ জৰিয়তে বহু ছোৱালীৰ আধৰুৱা সপোন পূৰণ হ’ব ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button