ৰাজ্যত বানৰ ভয়াৱহ ৰূপ,বানৰ কৱলত ১৯ খনকৈ জিলা, বানত বুৰ গৈছে বহু পৰিয়ালৰ বাসগৃহ

নিউজ ডেক্স, ২ জুলাইঃ
ৰাজ্যত বানপানীয়ে ধাৰণ কৰিছে ভয়াৱহ ৰূপ। প্ৰলয়ংকৰী বানত জনতাৰ হাহাকাৰ। বানত বুৰ গ’ল শ শ পৰিয়ালৰ বাসগৃহ। মাজুলী, ডিব্ৰুগড়কে ধৰি কেইবাখনো জিলাত ক্ৰমাৎ জটিল ৰূপহে ধাৰণ কৰিছে বান পৰিস্থিতিয়ে। ৰাজ্যৰ মুঠ ১৯ খন জিলা বানৰ কবলত আছে। এই ১৯ খন জিলাৰ মুঠ ১২৭৫ খন গাঁৱৰ বানপানীৰ কবলত পৰিছে। মুঠ ৭২টা আশ্রয় শিবিৰত আছে ৮,১৪২ গৰাকী বানাক্ৰান্ত। এই সাহায্য শিবিৰসমূহত এতিয়ালৈকে ৮১৪২ গৰাকী বান পীড়িতই আশ্ৰয় গ্ৰহণ কৰিছে। লোক। প্ৰতিটো উদ্ধাৰ অভিযানত নামি পৰিছে SDRF-NDRF।
বিপদ সীমা অতিক্ৰম কৰিছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠই। প্ৰতিটো ঘন্টাত বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ পানী। গুৱাহাটীতো বাঢ়িছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ। ভৰলুৰে গুৱাহাটীত সোমাইছে ব্রহ্মপুত্রৰ পানী। যাৰ বাবে বন্ধ কৰি দিয়া হৈছে শান্তিপুৰৰ শ্লুইছ গেট।
সোণতলীৰ জতিয়াদিয়া, বৰদিয়ানয়াপাৰা, পল্লীমংগল, আৰিকাটি, পানীখাইতী, মৰিচাকান্দি আদিকে কৰি বহু কেইখন গাঁও পানীৰ তলত৷
উজনি অসমৰ শিৱসাগৰতো বানে ধাৰণ কৰিছে সংহাৰী ৰূপ। দিচাংমুখত অধিক জটিল হৈ পৰিছে বান পৰিস্থিতি। অফলা, মাজৰবাৰী, লিগিৰবাৰী, তিয়হবস্তি বানৰ তলত। ওখ ওখ চাং ঘৰসমূহতো সোমাইছে পানী। বহু পৰিয়ালে ঘৰ এৰি আশ্ৰয় লৈছে মথাউৰিত।
লখিমপুৰৰ নৈপৰীয়াই পানীত খাইছে হাবু-ডুবু। NHPCৰ নামনি সোৱণশিৰি জলবিদ্যুত্ প্ৰকল্পই পানী এৰি দিয়াৰ পাছতে হাহাকাৰ পৰপিস্থিতি।
গহপুৰৰ দক্ষিনাঞ্চলৰ ভয়াৱহ বান পৰিস্থিতিয়ে গৃহহাৰা কৰিছে বানাক্ৰান্তক । গহপুৰৰ দক্ষিণাঞ্চলৰ ব্ৰহ্মপুত্ৰৰ দাঁতিকাষৰীয়া খাৰৈপৰীয়া পঞ্চায়তৰ অন্তৰ্গত কুমাৰকতা, দাৰুপাৰা, ৰঙামুৰি , ১ নং চকলা আদিকে ধৰি বিভিন্ন অঞ্চল এতিয়া প্লাবিত । বানাক্ৰান্তৰ ৰাইজৰ মাজত এতিয়া দেখা পোৱা গৈছে হাহাকাৰ পৰিস্থিতি । পশুধনৰ গভীৰ খাদ্য সংকটে দেখা দিছে, উক্ত খাৰৈপৰীয়া বানপিড়িত ৰাইজৰ মাজত । এনেদৰে অপৰিৱৰ্তিত বান পৰিস্থিতি গহপুৰৰ বিভিন্ন অঞ্চলত ।
ক্রমে জটিল হৈ পৰিছে কাজিৰঙাৰ বান পৰিস্থিতি। এইবাৰ কাজিৰঙাত টাইম কাৰ্ডৰ ব্যৱস্থা কৰা হোৱা নাই বাবে আৰক্ষীয়ে পাৰ কৰাইছে ব্যক্তিগত যান-বাহন। ৬০ কিলোমিটাৰ পথ পাৰ কৰাইছে আৰক্ষীয়ে বানপানীৰ বাবে।
নগাওঁ আৰু মৰিগাওঁ জিলাত মহাবাহু ব্রহ্মপুত্রই ধাৰণ কৰিছে কালৰূপ ঘৰ-বাৰী এৰি বানাক্ৰান্ত লোক গৈছে নিৰাপদ স্থানলৈ৷
বানত বুৰিল টিংখাং সমষ্টিৰ কেইবাখনো গাঁও । মথাউৰিত ওপৰত সহবাস কৰিবলগীয়া হৈছে বানাক্ৰান্ত আৰু পশুধনে । নতুন শলগুৰি আৰু ২ নং শলগুৰি অঞ্চলত বুঢ়ীদিহিং মথাউৰিলৈ তীব্ৰ ভাবুকিৰ সৃষ্টি হৈছে । আৰু মাত্ৰ কেই ইঞ্চিমান পানী বাঢ়িলেই মথাউৰিৰ ওপৰেৰে বাগৰি পৰিব পানী । ঠায়ে ঠায়ে খহি পৰিছে মঠাউৰি । ঠায়ে ঠায়ে পানীৰ পুং ফুটি ভিতৰলৈ সোমাই আহিছে পানী । যোৱা নিশাৰে পৰা মঠাউৰিত বিভাগীয় কৰ্তৃপক্ষ আৰু স্থানীয় ৰাইজে মঠাউৰিত জিঅ বেগ দি পানী বাগৰা আৰু মঠাউৰিৰ খহনীয়া ৰোধ কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে । ইতিমধ্যে, বুঢ়ীদিহিং নদীৰ বানে ৩ নং শলগুৰি গাঁও, ৰমাই লাচন গাঁও আৰু চহৰীকটা অঞ্চলৰ কেইবাখনো নৈৰ কাষৰীয়া গাঁও সম্পূৰ্ণ বুৰাই পেলাইছে । এক প্ৰকাৰ হাহাকাৰ অলস্থাৰ সৃষ্টি হৈছে বানাক্ৰান্তসকলৰ ।
কলিয়াবৰৰ হাতীমূৰাৰ ব্ৰহ্মপুত্ৰৰ পৰা কলং সংযোগী মথাউৰি ব্ৰহ্মপুত্ৰৰ বলিয়া বানে ভাঙি নিয়ে। ফলত কালীয়াবৰীয়া ৰাইজৰ মাজত শংকা আহি পৰিছে। নৱ নিৰ্মিত কংলঙৰ শূইচগেটৰ কাষেৰে ভাঙি পৰে মথাউৰীৰ এটা অংশ।মন্ত্ৰী কেশৱ মহন্তৰ পৰিদৰ্শন ভগা মথাউৰী।কিছুদিন পূৰ্বে মন্ত্ৰী পিযুষ হাজৰিকাই পৰিদৰ্শন কৰিছিল মথাউৰীটো।
বৰ্তমান কলংৰে হুৰাহুৰে সোমাইছে পানী। জখলাবন্ধাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিলৈকে পাইছেহি বাঢ়নী পানী ।