ৰক্তদান, মহান দান,আজি বিশ্ব ৰক্তদাতা দিৱস
নিউজ ডেক্স, ১৪ জুনঃ
ৰক্তদান মহান দান। ৰক্তদান কৰাটো শৰীৰৰ বাবে খুবেই উপকাৰী। ৰক্তদান কৰি আপুনি এজন লোকৰ জীৱন ৰক্ষা কৰাৰ লগতে আপোনাৰ স্বাস্থ্যৰ বাবেও বহুখিনি উপকাৰ সাধন কৰিব পাৰে। ৰক্তদান কৰিলে হাৰ্টৰ অসুখ ৩৩% কমায়। ৰক্তদান কৰাৰ ফলত শৰীৰত নতুন ৰক্ত কণিকাৰ সৃষ্টি বৃদ্ধি কৰে। ৰক্তদান কৰিলে কৰ্কটৰোগ হোৱাৰ সম্ভাৱনা হ্ৰাস কৰে আৰু উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত আহে। ব্লাড চুগাৰ নিয়ন্ত্ৰণত আহে আৰু মানসিক চিন্তা দূৰ কৰে। ১৮ ৰ পৰা ৬০ বছৰ বয়সৰ ৫০ কেজি ওজনৰ যিকোনো লোকে ৰক্তদান কৰিব পাৰে। এই দিনটো বিশেষকৈ ৰক্তদানৰ গুৰুত্ব বুজাবলৈ উদযাপন কৰা হয়,
প্ৰতি বছৰে ১৪ জুন তাৰিখে বিশ্ব ৰক্তদাতা দিৱস পালন কৰা হয়। কাৰ্ল লেণ্ডষ্টেইনাৰৰ জন্ম বাৰ্ষিকী হিচাপে প্ৰতি বছৰে এই দিনটোত বিশ্ব ৰক্তদাতা দিৱস উদযাপন কৰা হয়|
এজন ব্যক্তিৰ শৰীৰত ১০ একক বা ৫ ৰ পৰা ৬ লিটাৰ তেজ থাকে। – ও নিগেটিভ ৰক্ত দাতাক সাৰ্বজনীন দাতা বুলি কোৱা হয়, ইয়াক যিকোনো তেজ গ্ৰুপৰ ব্যক্তিক দিব পাৰি। দৈনিক প্ৰতি দুই ছেকেণ্ডৰ মূৰে মূৰে কোনো নহয় কোনো এজন ৰোগীক তেজৰ প্ৰয়োজন হয় ৷ ৰোগীক যদি প্ৰয়োজন হোৱা তেজ, তেজেৰেই পূৰাব লাগিব ৷ তাৰ বাহিৰে অন্যকোনো বিকল্প নাই ৷ ৰক্তদান কৰি এজন ব্যক্তিৰ প্ৰান ৰক্ষা কৰিব পাৰি ৷ সেয়ে যদি আমি সুহৃদয়ে আগবাঢ়ি আহি আর্তজনক ৰক্ত দি যদি সহায় কৰো, তেন্তে বিভিন্ন সময়ত সেই ৰোগীজনক বিভিন্নৰোগৰ পৰা বচোৱাৰ উপৰিও মৃত্যু পৰা বচাব পাৰি ৷
উল্লেখ্য যে ৰক্তদান কৰাৰ ৩ ঘণ্টা পিছত এজন লোকে যি স্বাভাৱিক কাম কাজ সেই সমূহ কৰিব পাৰে ৷ কেৱল কিছু সাৱধানতা অৱলম্বন কৰাটো ব্যক্তি গৰাকীৰ বাবে ভাল ৷ ৰক্তদানৰ পিছত কোনো ৰোগৰ সংক্ৰমণৰ শংকা নাথাকে ৷ এজন স্বাস্থ্যৱান ব্যক্তিয়ে প্ৰতি ৩ মাহত ৰক্তদান কৰিব পাৰে ৷