Political

৮ জুনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শপত গ্ৰহণ,শপতগ্ৰহণলৈ কোন কোন দেশৰ ৰাষ্ট্ৰপ্ৰধান?

নিউজ ডেক্স, ৬ জুনঃ
বুধবাৰে দিল্লীত অনুষ্ঠিত গুৰুত্বপূৰ্ণ বৈঠকত নৰেন্দ্ৰ মোদীক এন ডি এৰ নেতা হিচাপে নিৰ্বাচন কৰাৰ পিছত একেৰাহে তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰী হিচাপে শপত ল’বলৈ সাজু হৈছে নৰেন্দ্ৰ মোডী। ৮ জুন অৰ্থাৎ শনিবাৰেই তৃতীয়বাৰলৈ মোদীয়ে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব!

জানিব পৰা মতে, মোদীৰ শপত গ্ৰহণ অনুষ্ঠানত বাংলাদেশ, শ্ৰীলংকা, ভূটান, নেপালকে ধৰি কেইবাখনো চুবুৰীয়া ৰাষ্ট্ৰৰ নেতাসকল উপস্থিত থাকিব।

ইফালে সূত্ৰই প্ৰকাশ কৰা মতে বাংলাদেশৰ প্রধানমন্ত্রী শেখ হাছিনা ফোন কৰি শপতগ্ৰহণ অনুষ্ঠানত আমন্ত্রণ জনাইছে মোদীয়ে। শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি ৰানিল বিক্ৰমসিংঘেৰ কাৰ্যালয়ৰ মিডিয়া বিভাগে এই শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণৰ আমন্ত্ৰণ গ্ৰহণ কৰা বুলি প্ৰকাশ কৰাৰ লগতে নিৰ্বাচনী বিজয়ৰ বাবে মোদীক অভিনন্দন জনায়।ভূটানৰ প্ৰধানমন্ত্ৰী শেৰিং তোবগে, নেপালৰ প্ৰধানমন্ত্ৰী পুষ্পকমল দাহাল আৰু মৰিছাচৰ প্ৰধানমন্ত্ৰী প্রবীন্দ জুহনখেও শপতগ্রহণ অনুষ্ঠানলৈ আমন্ত্রণ লাভ কৰিছে।

উল্লেখ্য যে ২০১৯ৰ শপতগ্রহণ অনুষ্ঠানতো বিমষ্টেক গোষ্টীৰ সদস্য দেশকেইখনক আমন্ত্রণ জনাইছিল মোদীয়ে। আমন্ত্রিত অতিথিৰ তালিকাত আছিল বাংলাদেশ, ভুটান, ম্যানমাৰ, নেপাল আৰু শ্রীলংকা, থাইলেণ্ডৰ ৰাষ্ট্ৰপ্ৰধান।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button