৬০ ঘণ্টাজোৰা অভিযান অন্তত অৱশেষত উদ্ধাৰ হ’ব কণমানি অবিনাশৰ নিঠৰদেহ
নিউজ ডেক্স, ৭ জুলাই: অৱশেষত উদ্ধাৰ হ’ল অবিনাশ সৰকাৰৰ মৃতদেহ। ৬০ ঘণ্টাৰ অন্তত অৱশেষত উদ্ধাৰ হ’ল শিশুটিৰ মৃতদেহ। ৰাজগড়ৰ ৬ নং উপপথৰ নলাত উদ্ধাৰ হ’ল কণমানি অবিনাশৰ মৃতদেহ। বৃহস্পতিবাৰৰ নিশাৰে পৰা নলাত উটি গৈছিল অবিনাশ। তেতিয়াৰে পৰা সন্ধানহীন হৈ আছিল অবিনাশ সৰকাৰ।
উল্লখ্যে যে আজি পুৱা মহানগৰীৰ নলাত ৮ বছৰীয়া অবিনাশ চৰকাৰৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰ । এটা অৰ্ধগলিত মৃতদেহ উদ্ধাৰ কৰিছিল SDRF আৰু NDRFৰ অভিযানকাৰীৰ দলে। ৰাজগড়ৰ ৬ নং উপপথৰ নলাত উদ্ধাৰ হৈছিল এই অৰ্ধগলিত মৃতদেহটো। হাফপেণ্ট আৰু টি-চাৰ্ট পৰিধান কৰা মৃতদেহ এটা উদ্ধাৰ কৰিছিল অভিযানকাৰীৰ দলে।
উল্লেখ্য যে বৃহস্পতিবাৰৰ নিশাৰে পৰা গুৱাহাটীৰ বামুণীমৈদামৰ নলাত সন্ধানহীন হৈ আছিল অবিনাশ সৰকাৰ নামৰ এটি শিশু। উদ্ধাৰ হোৱাৰ পিছত মৃতদেহটো গুৱাহাটী চিকিৎসালয় মহাবিদ্যালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছিল। প্ৰথম অৱস্থাত উদ্ধাৰ কৰা মৃতদেহটো অবিনাশ সৰকাৰৰ হয় নে নহয় সেয়া নিশ্চিত হোৱা নাছিল। GMCHৰ মৰ্গত অবিনাশ সৰকাৰৰ পিতৃ-মাতৃ-ককাকে চিনাক্ত কৰে মৃতদেহ।
৪ জুলাই বৃহস্পতিবাৰৰ নিশাৰ মূষলধাৰ বৰষুণজাক কাল হৈ নামিছিল জ্যোতিনগৰৰ এটা পৰিয়ালৰ বাবে। পিতৃৰ সৈতে স্কুটাৰত ঘৰলৈ উভতি গৈ থকাৰ সময়তে সংঘটিত হয় সেই অতিকে কৰুণ তথা হৃদয়বিদাৰক ঘটনাটো। যি ঘটনাই কেৱল গুৱাহাটী বাসীকে এতিয়া মৃয়মান কৰি তোলা নাই সমগ্ৰ ৰাজ্যবাসীয়ে মৃয়মান।
বৃহস্পতিবাৰে নিশা কৃত্ৰিম বানত উটি গৈছিল অবিনাশ সৰকাৰ নামৰ শিশুটি ৷ কৃত্ৰিম বানৰ মাজতে স্কুটীৰ পৰা পিছলি পৰি নলাত উটি গৈছিল অবিনাশ।
শুকুৰবাৰে এছ ডি আৰ এফ বাহিনী-প্ৰশাসনে অভিযান চলাইছিল যদিও সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাছিল অবিনাশৰ। পুত্ৰক বিচাৰি নাপাই কান্দি কান্দি ভাগৰি পৰিছে পিতৃ। নিশাও নলাৰ কাষতে কটালে অবিনাশৰ পিতৃ হৰলাল সৰকাৰে। কান্দি কান্দি নলাটোলৈ চাই ওৰেনিশা বহি ৰ’ল পিতৃ। আশা, কিজানিবা পুত্ৰৰ কোনো সন্ধান ওলায়েই। অৱশেষত আজি পুৱা ৮ বছৰীয়া অবিনাশ চৰকাৰৰ মৃতদেহ উদ্ধাৰ ৰাজগড়ৰ নলাত ।