Sports

৪ বাৰকৈ ইউৰো কাপ জয় কৰি ইতিহাস ৰচিলে স্পেইনে, পৰাস্ত ইংলেণ্ড

নিউজ ডেক্স, ১৫ জুলাইঃ
চাৰিবাৰকৈ ইউৰো কাপ দখল কৰা প্ৰথমখন দেশ হিচাপে দেওবাৰে অভিলেখ গঢ়িলে স্পেইনে। ইউৰো কাপ ২০২৪ ৰ চূড়ান্ত খেলখনত ইংলেণ্ডক ২-১ গ’লৰ ব্যৱধানত পৰাস্ত কৰে স্পেইনে ৷ ১৯৬৪, ২০০৮ আৰু ২০১২ চনতো স্পেনিছ দলটোৱে ইউৰো কাপৰ খিতাপ দখল কৰিছিল। জাৰ্মানীৰ বাৰ্লিনত অনুষ্ঠিত হোৱা ৰোমাঞ্চকৰ খেলখনত স্পেইনৰ খেলুৱৈ মাইকেল অয়াৰজাবালে ৮৭ মিনিটত এটা গ’ল দিয়ে।

উল্লেখ্য যে,স্পেইন আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হ’বলগীয়া ইউৰো কাপ ২০২৪ৰ ফাইনেলৰ বাবে বিশ্বৰ ফুটবলপ্ৰেমীয়ে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছিল। ইংলেণ্ডে প্ৰথমবাৰৰ বাবে ফাইনেলত জয়লাভ কৰি চেম্পিয়ন হ’ব পাৰিলেহেঁতেন, কিন্তু স্পেইনে খিতাপ জয় কৰি ইতিহাস সৃষ্টি কৰিলে। ইউৰো কাপৰ এই উত্তেজনাপূৰ্ণ খেলখন যেতিয়া আৰম্ভ হৈছিল, তেতিয়া আগ্ৰাসী খেলাৰ পৰিৱৰ্তে দুয়োটা দলে লাহে লাহে খেলখন আৰম্ভ কৰিছিল। প্ৰথমাৰ্ধত কোনো দলেই গ’ল দিবলৈ সফল হোৱা নাছিল। দ্বিতীয়াৰ্ধত খেলখনৰ উত্তেজনা বৃদ্ধি পোৱাত স্পেইনৰ দলটোৱে অগ্ৰগতি লাভ কৰে। খেলৰ ৪৭ মিনিটত ইংলেণ্ডৰ বিৰুদ্ধে স্পেইনৰ নিকো উইলিয়ামছে প্ৰথমটো গ’ল দিয়ে। ১৬ বছৰীয়া কিশোৰ লেমিন য়ামালে (Lamine Yamal) সোঁফালে ঠাই বিচাৰি পাই সতীৰ্থ নিকো উইলিয়ামছক ক্ৰছ প্ৰদান কৰে আৰু সেই সুন্দৰ সুযোগৰ সদব্যৱহাৰ কৰি গ’ল দিয়ে। ইয়াৰ পিছত স্পেইনে কেইবাটাও আক্ৰমণেৰে ইংলেণ্ডৰ ইতিমধ্যে শক্তিশালী ডিফেন্স লাইন ভাঙি পেলায়।
ইংলেণ্ডে প্ৰথমটো গ’ল দি সমতা স্থাপনৰ বাবে বহু চেষ্টা কৰিছিল যদিও সফল নহ’ল। ৭৩ মিনিটত পামৰে দলটোক সমতা স্থাপন কৰি বলটো স্পেইনৰ গ’ল পোষ্টত সোমাই দিয়ে। ১-১ গ’লত ড্ৰ’ হোৱাৰ পাছত মেচখনৰ উত্তেজনা আৰু বাঢ়িল। দুয়োপক্ষই অগ্ৰগতি লাভ কৰিবলৈ চেষ্টা কৰিছিল যদিও মেচ শেষ হোৱাৰ ঠিক আগতে স্পেইনে দ্বিতীয়টো গ’ল দি ইউৰো চেম্পিয়নশ্বিপ দখল কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button