Entertainment

‘‘৪ বছৰ একেলগে থকাৰ পিছত হাৰ্দিক আৰু মই…’’৪ বছৰীয়া সম্পৰ্কৰ বিচ্ছেদ হাৰ্দিক পাণ্ডিয়া আৰু নাটাছাৰ!

নিউজ ডেক্স, ১৯ জুলাইঃ
আকৌ চৰ্চালৈ আহিছে নাতাশা আৰু ক্ৰিকেটাৰ হাৰ্দিক পাণ্ডিয়াৰ সংসাৰৰ খবৰ। কিছু দিন ধৰি হার্দিক আৰু নাতাশাৰ বিবাহবিচ্ছেদক লৈ জল্পনা কল্পনা চলি আছিল। অৱশেষত নাতাশাই এৰিলে পাণ্ডিয়াৰ ঘৰ। অৱশ্যে তেওঁলোকৰ বিচ্ছেদ সন্দৰ্ভত জল্পনা-কল্পনা আৰম্ভ হৈছিল চলিত বৰ্ষৰ মে’ মাহত পৰায়েই চলা আছিল। মে’ মাহত নাতাশাই তেওঁৰ ইনষ্টাগ্ৰাম হেণ্ডেলৰ পৰা ‘পাণ্ডিয়া’ উপাধিটো আঁতৰাই পেলাইছিল। বহুতে ধাৰণা কৰিছিল যে নাতাশাই IPLত হাৰ্দিকৰ বিফলতাৰ পৰা মানুহৰ দৃষ্টি আঁতৰাই ৰাখিবলৈ চেষ্টা কৰিছিল। কিন্তু প্ৰকৃততে সেয়া নহয়।
হার্দিক আৰু নাতাশাই ইনষ্টাগ্ৰামৰ পৰা বিয়াৰ ফটোসমূহ পূর্বেই ডিলিট কৰি দিছিল। কিন্তু অগস্ত্যৰ সৈতে পোষ্ট কৰা ফটোসমূহ আছে দুয়োৰে প্ৰফাইলতা তেতিয়াৰে পৰাই দুয়োৰে বিবাহবিচ্ছেদৰ চৰ্চা চলি আছিল। টি-২০ বিশ্বকাপ জয়ৰ পাছতো নাতাশাই কোনো ধৰণৰ পোষ্ট নকৰিলো একে সময়তে হার্দিকৰ খেল চাবলৈ গেলাৰীতো উপস্থিত নাথাকিল। বিশ্বকাপৰ পাছত দেশলৈ ঘূৰি অহা হার্দিকক লগো নকৰিলে নাতাশাই।
বৃহস্পতিবাৰে নাতাশাই সেই সকলো জল্পনাৰ অৱসান ঘটাই জনাই দিলে যে তেওঁলোকে চাৰি বছৰীয়া সম্পর্ক শেষ কৰিছে। ইনস্টাগ্রাম পোষ্ট কৰি লিখিছে, ‘চাৰি বছৰ একেলগে থকাৰ পাছত হার্দিক আৰু মই পৃথক হোৱাৰ সিদ্ধান্ত লৈছো। একেলগে থকাৰ সকলো চেষ্টাই আমি চলাইছিলো। কিন্তু শেষ পর্যন্ত আমি একেলগে সিদ্ধান্ত লৈছো যে আমি পৃথকে থাকিমা এয়াই আমাৰ সঠিক সিদ্ধান্ত বুলি ভাৱিছো। কিন্তু এই সিদ্ধান্ত লোৱাটো আমাৰ বাবে সহজ কথাও নাছিল। আমি এটা পৰিয়াল হৈছিলো। এজনে আনজনৰ ওপৰত কোনোবা খিনিত নিৰ্ভৰশীলো হৈছিলো। আমি বহু আনন্দৰ সময় একেলগে কটাইছো।’
‘অগস্ত্য আমাৰ সন্তান। আমাৰ দুজনৰেই অংশ হিচাপে সি থাকিব ৷ আমি একেলগে তাক ডাঙৰ কৰিম তাক সুখী ৰখাৰ বাবে আমি সকলো কৰিম ৷ এই কঠিন সময়ত আমি অলপ নিজৰ মতে
থকাটো প্রয়োজন। আশা কৰিম আপোনালোকে আমাক এইখিনি সহযোগীতা কৰিব’
২০২০ চনৰ ৩১ মে’ত ক্ৰিকেটাৰ হাৰ্দিক পাণ্ডিয়াৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত হিন্দু আৰু খ্ৰীষ্টান ৰীতি-নীতি অনুসৰি বিবাহপাশত আৱদ্ধ হৈছিল।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button