Crime
৩ বছৰীয়া শিশু কন্যাৰ কান্দোন সহ্য কৰিব নোৱাৰি গাত গৰম তেল ঢালি দিয়ে পিতৃ-মাতৃয়ে
নিউজ ডেক্স, ১ জুনঃ
শিলচৰত সংঘটিত হৈছে এক জঘন্য কাণ্ড ৷ তিনি বছৰীয়া কণমানি শিশু কন্যাৰ কান্দোন সহ্য কৰিব নোৱাৰি শিশুটিৰ গাত গৰম তেল ঢালি দিয়ে জন্মদাতা পাষাণ পিতৃ-মাতৃয়ে। এই জঘন্য কাণ্ড সংঘটিত হৈছে শিলচৰ চহৰৰ সোনাইৰোড ফেক্টৰী লেনত৷ । সোনাইৰোডৰ ভাড়া ঘৰত সংঘটিত হৈছে এই ঘটনা ৷ শিশুটিৰ গাত গৰম তেল ঢালি দিয়াৰ পিছত অজ্ঞান হৈ পৰা শিশুটি ৷ অজ্ঞান হৈ পৰা শিশুটিক ঘৰত এৰি পলায়ন কৰে পিতৃ-মাতৃয়ে৷ স্থানীয় ৰাইজে ঘটনা সন্দৰ্ভত খবৰ দিয়ে আৰক্ষীক৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত পাষাণ পিতৃ ৰাজদ্বীপ দাস আৰু মাতৃ জবা দাসক । ইফালে, কণমানি শিশুটি বৰ্তমান শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে।