২ লাখ ৫ হাজাৰ টকাত বিক্ৰী এখন ফুলাম গামোচা
নিউজ ডেক্স, ২২ মে’
থলুৱা শিপিনীৰ দ্বাৰা তৈয়াৰ কৰা এখন ফুলাম গামোচা ২ লাখ ৫ হেজাৰ টকাত ক্ৰয় কৰে এজন লোকে। অবিশ্বাস্য যেন লাগিলেও এয়াই সত্য। হয়, দৰঙৰ ডাঁহী অৰ্জুনতল শ্ৰীবিষ্ণু মন্দিৰত অসমীয়াৰ স্বাভিমান ফুলাম থলুৱা গামোচা এখন ২ লাখ ৫ হেজাৰ টকাত বিক্ৰী হৈছে। দেৱবস্ত্ৰ হিচাপে নামাংকিত গামোচাখনৰ হৈছিল নিলাম৷ এই বিশেষ ফুলাম গামোচাখন মঙলদৈৰ টেঙাবাৰীৰ দিনেশ্বৰ শৰ্মাৰ পুত্ৰ ৰাকেশ শৰ্মাই অবিশ্বাস্য দৰত মাতৃ প্ৰয়াত মিনু দেৱীৰ নামত নিলামযোগে ক্ৰয় কৰে।
লক্ষণীয় যে ডাঁহী অৰ্জুনতল বিষ্ণু মন্দিৰৰ বিষ্ণু হোম আৰু জেঠমহীয়া ৰাইজৰ সবাহক লৈ প্ৰতি বছৰে দেৱবস্ত্ৰ নিলাম অনুষ্ঠিত কৰি আহিছে। প্ৰকৃততে এখন ফুলাম গামোচা অধিবাসৰ দিনাৰে পৰা মন্দিৰত বিশেষ পূজা-অৰ্চনাৰে থাপনা থাপি দেৱবস্ত্ৰ হিচাপে ৰাইজৰ মাজত দ্বিতীয় দিনা নিলামত এৰি দিয়া হয়।এই বিশেষ গামোচাখনে মন্দিৰত পূজাৰ পাছত বিশেষ গুণ অৰ্জন কৰা বুলি স্থানীয় ৰাইজে বিশ্বাস কৰে আৰু নিলামত ক্ৰয় কৰিবলৈ হেতা-ওপৰা লগায়।