Sports

২৬ জুলাইৰ পৰা ফ্ৰান্সৰ ৰাজধানী পেৰিছত আৰম্ভ হ’ব অলিম্পিক, কেতিয়া ৰিঙত নামিব লাভলীনা বৰগঁহোই

নিউজ ডেক্স, ২৫ জুলাইঃ

পেৰিছ অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানলৈ মাজত মাত্র কেইঘণ্টামান । শুকুৰবাৰৰ পৰা ফ্ৰান্সৰ ঐতিহাসিক চহৰ পেৰিছত অনুষ্ঠিত হ’ব ‘দ্যা গ্ৰেটেষ্ট শ্ব’ অন আৰ্থ’ হিচাপে পৰিচিত অলিম্পিক প্ৰতিযোগিতা ৷ ২৬ জুলাইৰ পৰা ১১ আগষ্ট পৰ্যন্ত ফ্ৰাঞ্চৰ ৰাজধানী চহৰখনত হ’ব বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া মহোৎসৱ অলিম্পিক। ২৬ জুলাইৰ উদ্বোধনী অনুষ্ঠান হ’ব যদিও বুধবাৰৰে পৰা ফুটবল, ৰাগবী ছেভেনৰ প্ৰতিযোগিতা সমূহ চলি থাকিব। আনহাতে বৃহস্পতিবাৰে আৰ্ছাৰী, ফুটবলকে ধৰি কেইবাটাও খেলৰ প্ৰতিযোগিতা আৰম্ভ হ’ব। বাকী খেলসমূহ ১৯ দিনৰ অলিম্পিকৰ সময়ছোৱাতে খোলোৱা হ’ব। পেৰিছৰ ছেইনে ষ্টেডিয়ামত অলিম্পিকৰ বৰ্ণাঢ্য উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ’ব। ষ্টেডিয়ামলৈ পথ খেলুৱৈসকলক বহু কেইখন নাৱেৰে নদীপথেৰে কঢ়িয়াই অনা হ’ব। উদ্বোধনী অনুষ্ঠানত নৃত্য-গীত পৰিৱেশন কৰিব কানাডাৰ পপ ষ্টাৰ চেলিয়ন ডিয়নৰ লগতে ভাগ ল’ব লেডী গাগাই। পেৰিছ অলিম্পিকৰ মাছকট বা শুভংকৰৰ নাম দিয়া হৈছে দ্য ফ্ৰিজেছ।

এইবাৰৰ অলিম্পিকত মুঠ ৩২বিধ খেলৰ ৩২৯খন প্ৰতিযোগিতা হ’ব। পেৰিছৰ ৩৫খন ষ্টেডিয়াম তথা খেলপথাৰত অলিম্পিকৰ ৩২৯টা ইভেণ্ট অনুষ্ঠিত হ’ব। অৰ্থাৎ এইবাৰ অলিম্পিকত ৩২৯টা সোণৰ পদকৰ বাবে বিশ্বৰ ২০৬খন দেশৰ ১০ হাজাৰ পাঁচশ খেলুৱৈয়ে যুঁজিব। পেৰিছ অলিম্পিকত সোণ, ৰূপ, ব্ৰঞ্জকে ধৰি মুঠ ৫ হাজাৰ ৮৪টা পদক থাকিব। পেৰিছ অলিম্পিকৰ প্ৰতিটো মেডেলত পেৰিছৰ আইফেল টাৱাৰৰ পৰা অনা এটা লোৰ অংশ ছয়চুকীয়া জ্যামিত্যিক আকৃতিৰে সংলগ্ন কৰা হৈছে। পেৰিছ অলিম্পিকৰ প্ৰতিটো সোণৰ পদকৰ ওজন ৫২৯ গ্ৰাম। বিপৰীতে ৰূপৰ পদকৰ ওজন ৫২৫ গ্ৰাম আৰু ব্ৰঞ্জৰ পদকৰ ওজন ৪৫৫ গ্ৰাম। প্ৰতিটো মেডেলৰ পৰিধি ৮৫ মিলিমিটাৰ আৰু বেধ ৯.২ মিলিমিটাৰ।
বক্সিং ৰিঙৰ পৰা প্ৰশিক্ষকলৈ, ফটোগ্ৰাফাৰৰ পৰা আভ্যন্তৰীণ সুৰক্ষালৈ! পেৰিছ অলিম্পিকত এইবাৰ উজলিব ৫গৰাকী অসমীয়া। বক্সাৰ লাভলীনা বৰগোহাঁই, প্ৰশিক্ষক প্ৰণামিকা বৰা, ফটোগ্ৰাফাৰ ঋতুৰাজ কোঁৱৰ, গীতিকা তালুকদাৰক দেখা পোৱা যাব অলিম্পিকত। ITBPৰ ক’মাণ্ডাৰ মনজুৰ আহমেদকো দেখা পোৱা যাব অলিম্পিকত।
প্ৰতিযোগিতাখনত দ্বিতীয়বাৰৰ বাবে অংশগ্ৰহণ কৰিবলৈ মঙ্গলবাৰে পেৰিছ অলিম্পিকস্থলীত গৈ উপস্থিত হয় অসম কন্যা লাভলীনা বৰগঁহোই। তেওঁ ৩১ জুলাইত অলিম্পিকৰ ৰিঙত নামিব। ইতিমধ্যে পেৰিছৰ গেমছ ভিলেজত উপস্থিত হোৱা অসম কন্যা লাভলীনাই পেৰিছত অনুশীলন চলাইছে।
টকিঅ’ অলিম্পিকত ৬৯ কেজি শাখাত ব্ৰঞ্জৰ পদক লাভ কৰা লাভলীনাই অৱশ্যে এইবাৰ ৭৫ কেজি শখাতহে প্ৰতিদ্বন্দিতা কৰিব। অলিম্পিকৰ পৰা ৬৯ কেজি শাখা বাদ দিয়াৰ বাবে লাভলীনাই ওজন বৃদ্ধি কৰি ৭৫ কেজি শাখালৈ নিজকে সাজু কৰিছে ৷ ৰিঙত পাঞ্চেৰে উত্তৰ দিয়া লাভলীনাক লৈ কেৱল অসমবাসীয়েই নহয়, দেশবাসীও যথেষ্ট আশাবাদী।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button