Missing

২৪ ঘণ্টা উকলিল, ক’ত হেৰাল বিশিষ্ট সংগীত শিল্পী ৰমেন বৰুৱা?পুৱাৰে পৰা ব্ৰহ্মপুত্ৰত NDRF-SDRFৰ অভিযান

নিউজ ডেক্স, ২৩ জুলাইঃ

২৪ ঘণ্টা উকলিল, পাছে বৰ্তমানেও কতো কোনো শুংসুত্ৰ নাই বিশিষ্ট সংগীত শিল্পীগৰাকীৰ। অনুসন্ধানৰ নামত উদ্ধাৰ হৈছে কেৱল এক চিচি টিভি ফুটেজ। আৰক্ষীয়ে জনোৱা মতে, সোমবাৰে পুৱা ১০ বজাত ৰমেন বৰুৱাই গৌহাটী উচ্চ ন্যায়ালয়ৰ ফালে খোজ কাঢ়ি যোৱাৰ চিচিটিভি ফুটেজ লাভ কৰিছে আৰক্ষীয়ে। কালি শিল্পীগৰাকী গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষেৰে যোৱা এটা পথত প্ৰত্যক্ষ কৰিছিল। শিল্পীগৰাকী সেই বাটেৰে যোৱাৰ দৃশ্য চি চি টিভিতো ধৰা পৰিছে। ইয়াৰ পাছতে প্ৰায় ১মান বজাত উজান বজাৰৰ গণেশ মন্দিৰৰ সমীপত এগৰাকী মহিলাই দেখা পাইছিল শিল্পীগৰাকীক। সেই সময়ত তেওঁ নিজে নিজৰ সৈতে কিছু কথা পতাত ব্যস্ত আছিল বুলি মহিলাগৰাকীয়ে সদৰি কৰিছে।

বৰুৱাৰ ফোনটোও অফ হোৱাৰ বাবে তেওঁৰ সন্ধান প্ৰক্ৰিয়া অধিক জটিল হৈছে বুলি উদ্ধাৰকাৰী দলে মত ব্যক্ত কৰিছে। আৰক্ষীয়ে বৰুৱাৰ শেষ লোকেশ্যন ট্ৰেক কৰি দেখিছে যে, উজান বজাৰৰ ব্ৰহ্মপুত্ৰৰ পাৰতে তেওঁৰ শেষ অৱস্থিতি। ইতিমধ্যে আৰক্ষীয়ে ব্ৰহ্মপুত্ৰত অভিযান আৰম্ভ কৰিছে। ৰমেন বৰুৱাৰ কন্যা বৰ্ণিকা বৰুৱা, ভাতৃ দ্বীপেন বৰুৱা তথা পৰিয়ালৰ অন্য সকল এতিয়া গভীৰ চিন্তাত। সোমবাৰে নিশা ২ বজালৈকে সংগীত পৰিচালক ৰমেন বৰুৱাক বিচাৰি যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গেও নিজা প্ৰচেষ্টাত অভিযান চলায়। মহানগৰীৰ কেইবাটাও স্থানত অভিযান চলায় শিল্পী জুবিন গাৰ্গে। মহানগৰীৰ লাচিত ঘাট, কামাখ্যা মন্দিৰ, শুক্লেশ্বৰ, ভূতনাথ, উজান বজাৰত ৰমেন বৰুৱাক বিচাৰি অভিযান জুবিনৰ। লতাশিল থানাত উপস্থিত হৈ শেহতীয়া পৰিস্থিতিৰ বুজ লয় জুবিন গাৰ্গে।
গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাক কোনো ক্ৰুটি নথকাকৈ অভিযান চলাবলৈ সোমবাৰে নিশাই নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। মঙলবাৰে পুৱাৰ পৰাই ব্ৰহ্মপুত্ৰৰ বুকুত SDRF আৰু NDRF বাহিনীয়ে ৰমেন বৰুৱাক বিচাৰি অব্যাহত ৰাখিছে অভিযান।
উল্লেখযোগ্য যে, সোমবাৰে পুৱাৰে পৰা সন্ধানহীন হৈ আছে বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱা। পুৱা লতাশিলস্থিত গণেশ মন্দিৰলৈ বুলি ওলাই গৈছিল তেওঁ। আৰু তেতিয়াৰ পৰাই সন্ধানহীন অৱস্থাত আছে সংগীত শিল্পীগৰাকী।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button