১ লাখ নিযুক্তি সম্পূৰ্ণ কৰাৰ দিশে ৰাজ্য চৰকাৰ!

নিউজ ডেক্স, ১৩ আগষ্টঃ
১ লাখ নিযুক্তি সম্পূৰ্ণ কৰাৰ দিশে ৰাজ্য চৰকাৰ। আজি ১১২৭ গৰাকী চাকৰি প্ৰাৰ্থীক নিযুক্তি প্ৰদান কৰে ৰাজ্য চৰকাৰে। এই নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ইয়াৰ ভিতৰত লোকনিৰ্মাণ বিভাগত ২৬৬ গৰাকী আৰু চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগত ৮৬১ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হয়। এতিয়ালৈকে ৯৯,০৯৭ গৰাকীক নিযুক্তি প্ৰদান কৰিলে ৰাজ্য চৰকাৰে।
আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হয় এই নিযুক্তি সমাৰোহ।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ‘‘আজি ১১২৭ গৰাকী প্ৰাৰ্থীক নিযুক্তি প্ৰদান কৰা হৈছে। ২০২১ চনৰ মে’ মাহত আমাৰ চৰকাৰ অহাৰ পিছত ১ লাখ নিযুক্তিৰ প্ৰতিশ্ৰুদি দিছিলো আৰু আমি ইয়াৰ প্ৰায় ওচৰ পাইছো। আৰু কেইটামান নিযুক্তিৰ পিছত এক লাখ সম্পন্ন হ’ব।
এতিয়ালৈ ৯৯ হাজাৰ ৯৭ গৰাকীক নিযুক্তি প্ৰদান কৰা হৈছে। ২০২১ বৰ্ষত ৪,৮৭৯ গৰাকী, ২০২২ বৰ্ষত ৩৫,১৩০ গৰাকী, ২০২৩ বৰ্ষত ৪৮,৬৩৮ গৰাকী, ২০২৪ বৰ্ষত ৩,৫৯৫ গৰাকীক নিযুক্তি দিয়া হৈছে। অসম চৰকাৰৰ বাজেটৰ পৰা বি টি এ ডি, কাৰ্বি আংলং আৰু ডিমা হাছাওত ৬৯৫৫ গৰাকীক নিযুক্তি প্ৰদান কৰা হৈছে।’’
মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, চাৰিখন চিকিৎসা মহাবিদ্যালয়ত ৮১২ গৰাকী নাৰ্ছ নিযুক্তি দিয়া হৈছে । এই বছৰৰ পৰা তিনিচুকীয়াত প্ৰথম MBBS বেটছে নামভৰ্তি কৰিব পাৰিব। অহা বছৰ ১৪ সংখ্যক মেডিকেল কলেজখন উদ্বোধন কৰা হ’ব, যাৰ নাম হ’ব প্ৰাগজ্যোতিষপুৰ। ২০২৬ চনত আমি আৰু তিনিখন চিকিৎসা মহাবিদ্যালয়ৰ কাম আৰম্ভ কৰিব পাৰিম।