Political

১ জুলাই পৰা চৰকাৰী বিষয়াসকলে ভৰিব লাগিব বিদ্যুতৰ বিল

নিউজ ডেক্স, ১৭ জুনঃ

বিদ্যুতৰ বিল সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ ডাঙৰ সিদ্ধান্ত।এতিয়াৰে পৰা মন্ত্ৰী,বিধায়ক, মুখ্য সচিব, আমোলা-বিষয়া সকলোৱেনিজেই ভৰিব লাগিব বিদ্যুতৰ বিল।১ জুলাই পৰা চৰকাৰী বিষয়াসকলে ভৰিব লাগিব বিদ্যুতৰ বিল।

এই কামৰ আদৰ্শ হিচাপে প্ৰথম মুখ্যমন্ত্ৰী আৰু মুখ্য সচিবে পৰিশোধ কৰিব বিদ্যুতৰ বিল । নিজৰ ঘৰৰ বিদ্যুৎৰ বাবত যিমান পৰিমাণৰ বিল আহে সেয়া পৰিশোধ কৰিব মুখ্যমন্ত্ৰী গৰাকীয়ে। ইয়াৰ লগতে ৭৫ বছৰে এক বৃহৎ লোকচানৰ সন্মুখীন হৈ আছিল ৰাজ্য চৰকাৰ বুলি কয় মুখ্যমন্ত্ৰী গৰাকীয়ে।

জনতা ভৱনৰ সৌৰ প্ৰকল্পটো উদ্ধোধন কৰি এই বৃহৎ মন্তব্য মুখ্যমন্ত্ৰীৰ। ইয়াৰ পূৰ্বে চৰকাৰী আমোলা – বিষয়া সকলে পৰিশোধ কৰা নাছিল বিদ্যুৎৰ বিল। এক দীঘলীয়া সময়ৰ অৱসান ঘটাই এইবাৰ এক নতুন নিয়ম সংযোজন ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীৰ।
যি সকল লোক কোৱাৰ্টাৰত থাকে তাত থকা সকলেও দিব লাগিব বিদ্যুতৰ বিল।১ জুলাইৰ পৰা মুখ্যমন্ত্ৰীৰ লগতে সকলো মন্ত্ৰীকে ধৰি উচ্চপদস্থ বিষয়াসকলে চৰকাৰী বাসগৃহৰ বিদ্যুতৰ বিল পৰিশোধৰ দায়িত্ব ল’ব। তদুপৰি আগন্তুক বছৰৰ ১ এপ্ৰিলৰ পৰা প্ৰতি ইউনিটত ১ টকাকৈ বিদ্যুতৰ বিল হ্ৰাস কৰাৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। জনতা ভৱনত এই সৌৰ পদক্ষেপে অসমৰ বাবে বহনক্ষম শক্তি আৰু আৰ্থিক সঞ্চয়ৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ আগবঢ়াব।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button