১৯ ৰ পৰা ২৮ খন জিলালৈ বৃদ্ধি পালে বানপানী, ৩৮ জনে হেৰুৱালে প্ৰাণ

নিউজ ডেক্স, ৩ জুলাইঃ
ৰাজ্যত অধিক জটিল হৈ পৰিছে বান পৰিস্থিতি৷ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই জাৰি কৰা তথ্য অনুসৰিয়েই ১ জুলাইৰ তুলনাত ২ জুলাইৰবহু বৃদ্ধি পালে বানত প্লাবিত অঞ্চলৰ সংখ্যা। ১ জুলাইলৈকে ৰাজ্যত ১৯ খন জিলা বানৰ কৱলত পৰিছিল যদিও ২ জুলাইৰ নিশালৈকে ২৮ খন জিলাত বানপানী হৈছে।
চৰকাৰী তথ্য অনুসৰিয়েই এই পৰ্যন্ত মুঠ ২২০৮ খন গাওঁ বানত প্লাবিত হৈছে। এই বানত ক্ষতিগ্ৰস্ত হৈছে ১১৩৪৪৪৬ জন লোক। ইয়াৰোপৰি বানতৰ কবলত পৰিছে ৪২৪৭৬.১৮ হেক্টৰ কৃষিভূমি। ইয়াৰপৰি ৮৩২০৯৯ টা পশুধন এই বানৰ কবলত পৰিছে।
প্ৰশাসনৰ উদ্যোগত এতিয়ালৈকে ১৩০ টা সাহায্য শিবিৰ স্থাপন কৰা হৈছে। এই শিবিৰসমূহত১৮৪৫৯ গৰাকী বান পীড়িতই আশ্ৰয় গ্ৰহণ কৰিছে। এই পৰ্যন্ত বানত ৪০ জনৰো অধিক লোকৰ মৃত্যু হোৱা বুলি প্ৰচাৰ হৈছে যদিও চৰকাৰী তথ্যত মৃতকৰ সংখ্যা ৩৮ জন বুলি উল্লেখ কৰা হৈছে। আশ্ৰয় শিবিৰত থকা লোকসকলৰ ভিতৰত ৭,৮১৬জন পুৰুষ আৰু ৬,৫১৩গৰাকী মহিলা। আশ্ৰয় শিবিৰত আছে ৪,০৪০টা শিশু।

কোকৰাঝাৰ জিলাৰ বিটিআৰৰ পৰ্বতঝোৰাত বান পানীৰ তাণ্ডৱ ৷লগতে পৰ্ব্বতঝোৰ শিলাইৰপাৰ দ্বাৰচৌকা খুটাবাগৰা লালঘাট আৰু বহু অঞ্চলত এতিয়া পানী আৰু পানী৷ খাদ্য সংকটত পৰিছে মহামায়া মন্দিৰৰ কপিকূলবোৰো। মুঠৰ ওপৰত অবৰ্ণনীয় আৰু অকল্পনীয় পৰিবেশ বিৰাজ কৰিছে পৰ্বতঝোৰাৰ একাংশ অঞ্চল।
মৰাণৰ খোৱাঙত ক্ৰমাৎ জটিল বান পৰিস্থিতি, অৰ্দ্ধশতাধিক গাঁও বানৰ কৱলত৷ খোৱাং চেনিমাৰী আৰু দীঘলীছিগাত ছিগিল বুঢ়ীদিহিং নৈৰ সুৰক্ষাবান্ধ ৷ নিশা খোৱাং চেনিমাৰীত হাহাঁকাৰ পৰিস্থিতি, নিশা ২ বজালৈকে চলিছিল SDRF-ৰ উদ্ধাৰ অভিযান৷
কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলত আজি কামপুৰৰ ন ন অঞ্চল প্লাৱিত হৈছে। খানদং বান্ধ খুলি দিয়াৰ ফলতে কামপুৰত ফেনে ফুটুকাৰে বৃদ্ধি হৈছে কপিলীৰ জলপৃষ্ঠ।