১৭মাহজোৰা কাৰাবাসৰ অন্তত অৱশেষত মুকলি আকাশৰ তললৈ দিল্লীৰ প্ৰাক্তন শিক্ষামন্ত্ৰী মনিষ ছিচোদিয়া…
নিউজ ডেক্স, ৯ আগষ্টঃ
অৱশেষত জামিন পালে মনীষ ছিচোডিয়াই। শুকুৰবাৰে ৯ আগষ্ট ২০২৪ তাৰিখে উচ্চতম ন্যায়ালয়ে আম আদমি পার্টিৰ নেতা মনীষ শিশোদিয়াক দিল্লী আবকাৰী নীতিৰ কথিত কেলেংকাৰীৰ সৈতে জড়িত দুর্নীতি আৰু ধন সৰবৰাহৰ গোচৰত জামিন মঞ্জুৰ কৰে। উল্লেখ্য যে, সুৰা নীতি কেলেংকাৰীৰ অভিযোগত ২০২৩ চনৰ ২৬ ফেব্ৰুৱাৰীত গ্ৰেপ্তাৰ হৈছিল ছিচোদিয়া। তাৰ পাছত তেওঁ একাধিকবাৰ তেওঁৰ জামিন আবেদন কৰিছিল যদিও জামিন আবেদন খাৰিজ কৰিছিল আদালতে।
আজি উচ্চতম ন্যায়ালয়ে জামিন দিলেও কিছু বাধ্যবাধকতা থাকিব ছিচোডিয়াৰ ক্ষেত্ৰত। সেই অনুসৰি ন্যায়ালয়ত তেওঁ জমা দিব লাগিব পাছপোৰ্ট। যাব নোৱাৰিব দেশৰ বাহিৰলৈও।
এই একেটা গোচৰতে চি বি আইৰ পাছত ইডিয়েও গ্ৰেপ্তাৰ কৰিছিল ছিচোদিয়াক। ইডিৰ হাতলৈ ছিচোদিয়া যোৱাৰ পিছত তেওঁ উচ্চতম ন্যায়ালয়ত জামিন বিচাৰি আবেদন কৰিছিল যদিও উচ্চতম ন্যায়ালয়ে তেওঁৰ জামিন নাকচ কৰিছিল।
ছিচোডিয়া ১৭ মাহ কাৰাগাৰত আছিল বুলি উল্লেখ কৰি ন্যায়াধীশ বি আৰ গাভাই আৰু কে ভি বিশ্বনাথনৰ বিচাৰপীঠে কয় যে আপ নেতাজনক বিচাৰ আদালত আৰু উচ্চ ন্যায়ালয়ৰ দ্ৰুত বিচাৰৰ অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে। আদালতে কয়, ‘‘আমি দেখিছোঁ যে প্ৰায় ১৭ মাহ ধৰি চলি থকা দীঘলীয়া কাৰাবাস আৰু বিচাৰ আৰম্ভ নোহোৱাৰ বাবে ছিচোডিয়াক দ্ৰুত বিচাৰৰ অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে।’’
মনিষ ছিচোদিয়াৰ দীৰ্ঘদিনীয়া বন্দীত্বৰ অৱসান ঘটাত এতিয়া আপ নেতা-কৰ্মীৰ মাজত সন্তুষ্টি দেখা পোৱা গৈছে। তেওঁলোকে মিঠাই বিতৰণ কৰাও পৰিলক্ষিত হৈছে।