হিমাচল প্ৰদেশৰ ছিমলাত প্ৰকৃতিৰ তাণ্ডৱ,ভয়ংকৰ ডাৱৰ বিস্ফোৰণ
নিউজ ডেক্স, ১ আগষ্টঃ
হিমাচল প্ৰদেশৰ ছিমলা, মাণ্ডি আৰু কুল্লুত ডাৱৰ বিস্ফোৰণে বিধ্বংসী পৰিস্থিতিৰ সৃষ্টি কৰিছে। এই ঘটনাত প্ৰায় ৫০ জনৰো অধিক সন্ধানহীন হৈছে ৷ আনহাতে দুজনৰ মৃতদেহ পোৱা গৈছে। বহুতো ঘৰ, বিদ্যালয় আৰু চিকিৎসালয় ক্ষতিগ্ৰস্ত হৈছে। ইয়াত ৩৫ জন লোকক সুৰক্ষিতভাৱে উদ্ধাৰ কৰা হৈছে। ডাৱৰ বিস্ফোৰণৰ ঘটনাৰ পিছত মাণ্ডিৰ পাধৰৰ সকলো বিদ্যালয় আৰু শিক্ষানুষ্ঠান আজি বন্ধ কৰি দিয়া হৈছে। ডিচিয়ে আদেশ জাৰী কৰিছে। এই ঘটনাৰ পিছৰে পৰা অঞ্চলটোৰ লোকসকলৰ মাজত আতংকৰ সৃষ্টি হৈছে। ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে ডিএছআৰএফ, আৰক্ষী বাহিনী আৰু উদ্ধাৰকাৰী দলৰ দল ঘটনাস্থলীত উপস্থিত হৈছে।
বতৰ বিজ্ঞান বিভাগেও ৰাজ্যখনৰ বিভিন্ন স্থানত ধাৰাসাৰ বৰষুণৰ বাবে সতৰ্কবাণী জাৰি কৰিছিল। ৰাজ্যখনত ৬ আগষ্টলৈকে ধাৰাসাৰ বৰষুণ অব্যাহত থাকিব বুলি আশা কৰা হৈছে। মানুহক সতৰ্ক হৈ থাকিবলৈ কৈছে। শেহতীয়া বৰষুণৰ বাবে ৪৮ টা পথ বন্ধ কৰা হৈছে আৰু বিদ্যুৎ সেৱা প্ৰভাৱিত হৈছে। উদ্ধাৰকাৰী দলৰ বিষয়া আৰু সদস্যসকলক ডাৱৰ বিস্ফোৰণৰ ঘটনাত ক্ষতিগ্ৰস্ত লোকসকলক সকলো সম্ভৱ সহায় আগবঢ়াবলৈ কোৱা হৈছে।
হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং চুখুৱে টুইট কৰিছে, “চিমলাৰ ৰামপুৰ তহচিল, মাণ্ডি জিলাৰ পাধৰ তহচিল আৰু কুল্লুৰ নিৰ্মান্দ গাওঁৰ জোঁটত ডাৱৰ বিস্ফোৰণৰ ফলত ৫০ জনৰো অধিক লোক সন্ধানহীন হোৱাৰ বাবে অতি দুখজনক খবৰ পোৱা গৈছে। এনডিআৰএফ, এছডিআৰএফ, আৰক্ষী, গৃহৰক্ষী বাহিনী আৰু অগ্নি নিৰ্বাপক সেৱাৰ দলসমূহ সাহায্য, অনুসন্ধান আৰু উদ্ধাৰ অভিযানত নিয়োজিত হৈ আছে। স্থানীয় প্ৰশাসনক সাহায্য আৰু উদ্ধাৰ অভিযান সুচাৰুৰূপে চলাবলৈ নিৰ্দেশ দিয়া হৈছে। মই বিষয়াসকলৰ সৈতে যোগাযোগ কৰি আছো আৰু সাহায্য আৰু উদ্ধাৰ অভিযান নিৰীক্ষণ কৰি আছো। ৰাজ্য চৰকাৰ সকলো সম্ভৱ সহায় আগবঢ়াবলৈ প্ৰতিশ্ৰুতিবদ্ধ।”