Health

হিট ষ্ট্ৰোক কিয় হয়? ইয়াৰ লক্ষণবোৰ কি? আৰু কেনেদৰে ৰক্ষা পাব

নিউজ ডেক্স, ২৭ মে’
গৰমৰ তাপমাত্ৰা বৃদ্ধি হোৱাৰ লগে লগে হিটষ্ট্ৰোকৰ আশংকা বৃদ্ধি হৈছে। হিট ষ্ট্ৰোকৰ আটাইতকৈ গুৰুত্বপূৰ্ণ লক্ষণবোৰ হ’ল মূৰ্চ্ছা যোৱা আৰু বিভ্ৰান্তি। যদি হিট ষ্ট্ৰোক ৰোগী এজনৰ তৎক্ষণাৎ যত্ন লোৱা নহয়, অংগ বিকল হোৱা, কোমা বা মৃত্যু হোৱাৰ আশংকা থাকে। অতিৰিক্ত তাপৰ ফলত পৰিশ্ৰমমূলক হিট ষ্ট্ৰোক হয়৷ সাধৰণতে মধ্যবয়সীয়া ব্যক্তি আৰু ষাঠি উৰ্ধৰ লোকৰ হিটষ্ট্ৰোকত আক্ৰান্ত হয়৷

যিসকল ব্যক্তি সুৰাৰ প্ৰতি আসক্ত, পৰ্যাপ্ত পৰিমানে পানী নোখোৱা লোক, হৃদযন্ত্ৰ, বৃক্কৰ ৰোগ থকা লোক, শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণ কৰা ঔষধ গ্ৰহণ কৰা লোক আদি লোক সকলৰ হিটষ্ট্ৰোকহোৱাৰ সম্ভাৱনা থাকে ।

হিট ষ্ট্ৰোকৰ লক্ষণবোৰ কি?
হিট ষ্ট্ৰোকৰ বহুতো লক্ষণ আছে। আটাইতকৈ গুৰুত্বপূৰ্ণ হৈছে শৰীৰৰ তাপমাত্ৰা ৪০ ডিগ্ৰীতকৈ অধিক।গাৰ ছাল ৰঙা আৰু শুকান হৈ পৰে। মুৰৰ তীব্ৰ বিষ, শ্বাস-প্ৰশ্বাসৰ স্পিড বাঢ়ি যোৱা, পেশীৰ দুৰ্বলতা, দৃষ্টিশক্তি ম্লান হোৱা আৰু কথা ক’ব নোৱাৰা হিট ষ্ট্ৰোকৰ সচৰাচৰ লক্ষণ।
যাৰ শৰীৰত এনে লক্ষণ দেখা দিয়ে তেওঁক লগে লগে ছাঁ থকা ঠাইলৈ লৈ গৈ ঠাণ্ডা পানী বা বৰফ মানুহজনৰ শৰীৰৰ ওপৰত ঢালি দিব লাগে। আৰু যিকোনো কপাহী কাপোৰ তিয়াই মানুহজনৰ শৰীৰটো বাৰে বাৰে মচিব লাগে। যদি হিট ষ্ট্ৰোকত আক্ৰান্ত ব্যক্তিজন সচেতন অৱস্থাত থাকে তেন্তে তেওঁক ঠাণ্ডা পানী খাবলৈ দিব পাৰি। কিন্তু পিছত ব্যক্তিজনক চিকিৎসালয়লৈ লৈ যোৱা উচিত।

প্ৰতিৰোধৰ উপায়
হিটষ্ট্ৰোকৰ পৰা ৰক্ষা পাবলৈ পৰ্যাপ্ত পৰিমানে পানী খাব, ৰ’দত বাহিৰলৈ নোলাব। যদি বাহিৰলৈ যাব লগা হয়, ছাতি নতুবা মূৰত কাপোৰ মাৰিব। চশমা আৰু চান স্ক্ৰীণ ক্ৰীম ব্যৱহাৰ কৰিব পাৰে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button