Sports

হাতত বিশ্বকাপ ট্ৰফী গৃহভূমিত উপস্থিত বিশ্ব চেম্পিয়ন, ভাৰতীয় দলৰ আজি ক’ত কি কাৰ্যসূচী?

নিউজ ডেক্স, ৪ জুলাই
হাতত টি-২০ বিশ্বকাপ ট্ৰফীলৈ বৃহস্পতিবাৰে পুৱাই গৃহভূমিত উপস্থিত হৈছে বিশ্ব চেম্পিয়ন টীম ইণ্ডিয়া। পুৱা ৬ বজাত বার্বাডোজৰ পৰা দিল্লী বিমানবন্দৰত উপস্থিত হয় দলটো ৷ সুদীৰ্ঘ ১৭ বছৰৰ মূৰত টি-২০ বিশ্বকাপ জিনি স্বগৃহত টীম ইণ্ডিয়া ৷ ইয়াৰ পূৰ্বে ভাৰতে ২০০৭ চনত মহেন্দ্ৰ সিং ধোনিৰ নেতৃত্বত প্ৰথমবাৰৰ টি-২০ বিশ্বকাপ ট্ৰ’ফী লাভ কৰিছিল টীম ইণ্ডিয়াই। ইয়াৰ পিছত ভাৰতে টি-২০ত বিশ্ব চেম্পিয়ন হ’বলৈ বহু সময় অপেক্ষা কৰিবলগীয়া হৈছিল। অৱশেষত ২৯ জুনত ৰোহিত শৰ্মা বাহিনীয়ে দেশবাসীৰ সেই সপোন পূৰণ কৰিলে।

ভাৰতীয় দলটো দিল্লী বিমানবন্দৰৰ পৰা পোনে-পোনে ITC মৌৰ্য হোটেলত হোটেলৈ ৰাওনা হয়। ভাৰতীয় তাৰকাক আদৰিবলৈ হোটেলখনত কৰা হৈছে বিশেষ ব্যৱস্থা। বিশ্বকাপৰ ট্ৰফীৰ ষ্টাইলত তৈয়াৰ কৰা হৈছে কেক।

হাতত বিশ্বকাপ ট্ৰফীলৈ টীম ইণ্ডিয়াৰ খেলুৱৈসকলে দিল্লীৰ বাসগৃহত প্ৰধানমন্ত্ৰী মোডীক সাক্ষাৎ কৰিব। এই কাৰ্যসূচী সম্পন্ন কৰিয়েই দিল্লীৰ পৰা উৰা মাৰিব মুম্বাই অভিমুখে। আবেলি উপস্থিত হ’ব মুম্বাইত। আজি আৱেলি মুম্বাই মেৰিণ ড্ৰাইভত হ’ব খোলা বাছত বিশাল ৰেলী। টীম ইণ্ডিয়াৰ সদস্যৰ বাবে সাজু কৰা হৈছে বাহন। বিশ্ব বিজয়ী ভাৰতীয় দলটোৱে মেৰিণ ড্ৰাইভত কৰিব বিজয় পেৰেড। ইতিমধ্যে বিজয় যাত্ৰাত ৰোহিত বাহিনীক আদৰিবলৈ সাজু হৈছে অগণন জনতা । সন্ধিয়া মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হ’ব বিশেষ সম্বৰ্ধনা অনুষ্ঠান।

বাৰ্বাডোজ হোৱা ঘূৰ্ণি বতাহৰ বাবে বিগত ৩ দিনে বাৰ্বাডোজতে আৱদ্ধ হৈ থাকিব লগা হৈছিল ভাৰতীয় দল। অৱশেষত আজি মাতৃভূমিত উপস্থিত হয় ভাৰতীয় দলটো।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button