স্বপ্ন ভংগ!পেৰিছ অলিম্পিকত বিনেশ ফোগাটক অযোগ্য ঘোষণা
নিউজ ডেক্স, ৭ আগষ্টঃ
স্বৰ্ণপদকৰ পৰা মাত্ৰ এটা ষ্টেপ দূৰত । কিন্তু তাৰ পূৰ্বে আশাত পৰিল চেঁচাপানী ভিনেশ ফোগাট। পেৰিছ অলিম্পিকৰ মল্লযুঁজৰ ফাইনেলত প্ৰৱেশ কৰি ইতিহাস ৰচনা কৰা বিনেশ ফোগাটক ফাইনেল মেচৰ পূৰ্বে অযোগ্য ঘোষণা কৰা হৈছে। পেৰিছ অলিম্পিকে disqualified ঘোষণা কৰিলে বিনেশ ফোগাটক৷ অতিৰিক্ত ওজনৰ বাবে পেৰিছ অলিম্পিকৰ পৰা অযোগ্য ঘোষণা কৰা হ’ল ভিনেশ ফোগাটক।
প্ৰতিযোগিতাখনৰ নিয়ম অনুসৰি, বিনেশ ফোগাট ৰূপৰ পদকৰ বাবে যোগ্য নহ’ব আৰু কেৱল সোণ আৰু ব্ৰঞ্জপদক বিজয়ীসকলেহে 50 কিলোগ্ৰাম শাখাত অংশগ্ৰহণ কৰিব। ভিনেশে সাধাৰণতে ৫৩ কেজি শাখাত খেলে। কিন্তু এইবাৰ পেৰিছ অলিম্পিকত তেওঁ নামিছিল ৫০ কেজি শাখাত।
ছেমি ফাইনেলত জাপানৰ শক্তিশালী প্ৰতিদ্বন্দি য়ু চুচাকিক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰা বিনেশ ফোগাটে আজি নিশা ১১-৪০ বজাত ফাইনেল খেলাৰ কথা আছিল। কিন্ত ইয়াৰ পূৰ্বেই আহিল এই বেয়া খবৰ। খেলুৱৈগৰাকীৰ ওজন জোখাত ১০০ গ্ৰাম বেছি হয় ওজন। সেইবাবেই ভিনেশক অযোগ্য ঘোষণা কৰা হয়।
বিশেষ সূত্ৰৰ তথ্য অনুসৰি, ভাৰতীয় প্ৰতিনিধিদলটোৱে তাইৰ বাকী থকা ওজন 100 গ্ৰাম হ্ৰাস কৰিবলৈ তাইক আৰু কিছু সময় দিবলৈ অনুৰোধ কৰিছিল, কিন্তু অধিক বিৱৰণৰ বাবে অপেক্ষা কৰা হৈছে। বিনেশ ফোগাট অলিম্পিকৰ ফাইনেলত উপনীত হোৱা প্ৰথম গৰাকী মহিলা খেলুৱৈ হৈছিল।
ভিনেশৰ এই খবৰ প্ৰকাশৰ পাছতেই ‘ইণ্ডিয়ান অলিম্পিক এছ’চিয়েচন’এ এক বিবৃতিত জনাইছে, ‘‘অত্যন্ত দুখৰ সৈতে ভাৰতীয় দলৰ ফালৰ পৰা জনোৱা হৈছে যে মল্লযুঁজত মহিলাৰ ৫০ কেজিৰ ফাইনেলৰ পৰা ভিনেশ ফোগাটৰ যোগ্যতা বাতিল হৈছে। ভাৰতীয় দলৰ ফালৰ পৰা গোটেই নিশা চেষ্টা কৰা হৈছিল বৰ্ধিত ওজন কমোৱাৰ বাবে। কিন্তু আজি পুৱা ৫০ কেজিতকৈ কিছু ওজন বেছি হয় তেওঁৰ। এতিয়াই ভাৰতীয় দলৰ ফালৰ পৰা ইয়াতকৈ বেছি জনোৱা নহ’ব।’’
ফাইনেলত আমেৰিকাৰ ছাৰাহ হিল্ডেব্ৰাণ্টৰ সৈতে মেচ আছিল ভিনেশৰ। কিন্তু সেই মেচখন এতিয়া অনুষ্ঠিত নহয়। এই শাখাত কোনোৱে ৰূপ পদক নাপাব। আমেৰিকাৰ প্ৰতিদ্বন্দ্বীগৰাকীয়ে মেচ নেখেলাকৈয়ে লাভ কৰিব স্বৰ্ণপদক। ব্ৰঞ্জৰ পদকৰ বাবে হ’ব যুঁজ। নিয়ম অনুসৰি, ভিনেশে সকলোৰে তলত শেষ কৰিছে বুলি দেখুওৱা হ’ব।