Health

সোৱাদত তিতা কিন্তু স্বাস্থ্যৰ বাবে উপকাৰী বহুত তিতাকেৰেলা জাননে

নিউজ ডেক্স, ৬ আগষ্টঃ

সোৱাদত তিতা খাদ্য স্বাস্থ্যৰ বাবে উপকাৰী। শাক পাচলিত বহু পৰিমানে ভিটামিন, মিনাৰেল আৰু ৰোগ নিৰাময় কৰিব পৰা গুণ আছে। বিশেষকৈ স্বাস্থ্য ভালে ৰাখিবলৈ শৰীৰৰ বাবে অতি প্ৰয়োজনীয় কেলছিয়াম, আইৰণ, প্ৰটিন,ফেট, ফচফৰাচ আৰু এন্টিঅক্সিডেন্ট আদি ৷
সোৱাদত তিতা খাদ্য স্বাস্থ্যৰ বাবে উপকাৰী। স্বাস্থ্যৰ বাবে বহু উপকাৰী তিতাকেৰেলা। প্ৰতিদিনে তিতাকেৰেলা খালে বহু ৰোগৰ উপশম হয় বুলি বিশেষজ্ঞই কয়। স্বাস্থ্য বিশেষজ্ঞৰ মতে তিতাকেৰেলা খালে তেজৰ শৰ্কৰাৰ মাত্ৰা কম হয়। মধুমেহ ৰোগীয়ে তিতাকেৰেলা খালে যথেষ্ট উপকৃত হয়। তিতাকেৰেলাত পটেছিয়ামৰ মাত্ৰা অধিক পোৱা যায়। কলেষ্টেৰল বৃদ্ধি হ’লে তিতাকেৰেলা খালে কলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰিত হয়। তিতাকেৰেলাত থকা পটেছিয়ামে শৰীৰৰ উচ্চ ৰক্তচাপো নিয়ন্ত্ৰণ কৰে।

স্বাস্থ্য বিশেষজ্ঞৰ মতে সদায় তিতাকেৰেলা খালে হৃদযন্ত্ৰৰ লগত জড়িত ৰোগৰ সম্ভাৱনা হ্ৰাস পায় কাৰণ কলেষ্টেৰল আৰু উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত থাকে। পাচনক্ৰিয়াৰ ক্ষেত্ৰতো যথেষ্ট সহায়ক হয় তিতাকেৰেলা। তিতাকেৰেলাত থকা চি ভিটামিনে মানুহৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। ভাগৰ ভাগৰ লগা আৰু দুৰ্বলতা দূৰ কৰে তিতাকেৰেলাই।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button