National

সুস্থ হৈ ঘৰলৈ উভতিল জুবিন গাৰ্গ

আজি সুস্থ হৈ হাস্পতালৰ পৰা ঘৰলৈ উভতিল জুবিন গাৰ্গ। যোৱাৰ সময়ত জুবিনে ক’লে – ‘কেতিয়াবা মই নিজেই চিকিৎসক হৈ যাওঁ, চেলাইন লওঁ, কেতিয়াবা নিজেই খুলি দিওঁ’সময়মতে ঔষধ সেৱন কৰা, চিকিৎসকৰ পৰামৰ্শ মানি চলাক লৈ কৰা সাংবাদিকৰ প্ৰশ্নত খুহুতীয়া ভাষাৰে জুবিনে কয় কেতিয়াবা নিজেই চিকিৎসক হোৱাৰ কথা।

কেইদিনমানৰ পূৰ্বে হঠাৎ অসুস্থ হৈ পৰিছিল জনপ্ৰিয় শিল্পী গৰাকী।তিনিটা দিন ধৰি মহানগৰীৰ আগশাৰীৰ নেমকেয়াৰ চুপাৰস্পিচিয়েলিটি হাস্পতালত চিকিৎসাধীন অৱস্থাত আছিল যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ। দেওবাৰে পুৱা প্ৰায় ৯:১০ বজাত জোনালীস্থিত মিউজিক ষ্টুডিঅ’ত ব্যস্ত থকাৰ মাজতে হঠাৎ অসুস্থ হৈ পৰিছিল জুবিন। লগে লগে জুবিনক ভৰ্তি কৰোৱা হৈছিল ভঙাগড়স্থিত নেমকেয়াৰ চুপাৰস্পিচিয়েলিটি হাস্পতালত।স্বাস্থ্য পৰীক্ষাত পুনৰ ধৰা পৰিছিল জুবিনৰ ছিজাৰ এটেকৰ কথা।

জুবিন‌ গাৰ্গৰ অসুস্থতাৰ পিছত অনুৰাগী সকলৰ মাজত হাহাকাৰ লাগিছিল। প্ৰিয় শিল্পী গৰাকীৰ অসুস্থতাত সকলোৱে তেওঁৰ আশু আৰোগ্য কামনা কৰিছিল, খবৰ লৈছিল। এতিয়া ক্ৰমান্বয়ে সুস্থ হৈ উঠিছে জুবিন গাৰ্গ।

জুবিনে কয়, ‘‘মই এতিয়া ঠিক আছোঁ, প্ৰব্লেম নাই। আজি ওলাই যাম আৰু কালিৰ পৰা কাম কৰিম। মেডিচিন খাওঁ, এতিয়াও বহুত মেডিচিন দিছে। ভাল ভাল দৰৱ দিছে। দৰৱখিনি এইবাৰ শেষ কৰিম। আৰু এইবাৰ ভালদৰে থাকিবলৈ চেষ্টা কৰিম। মই কালিৰে পৰা কামত ধৰিম। তাৰ মাজে মাজে জিৰণি চলি থাকিব। চিনেমাৰ কাম আছে, গানৰ কাম আছে।’’

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button