সুনীল গগৈৰ হত্যাকাণ্ডৰ নতুন মোৰ
নিউজ ডেক্স, ১৯ জুনঃ
ৰাজ্য কঁপাই তোলা এক নৃশংস হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছিল ঢকুৱাখনাৰ সাপেতিয়াত। বিজেপিৰ নেতা, ঠিকাদাৰ সুনীল গগৈৰ হত্যা কৰা বুলি বিভিন্ন ধৰণে তদন্ত চলিছিল। অৰ্ধ জ্বলাই দিয়া অৱস্থাত উদ্ধাৰ হৈছিল মৃতদেহ।সুনীল গগৈৰ ঘৰৰ চিমনীৰ কাষত উদ্ধাৰ হৈছিল মৃতদেহ।
এই ঘটনাৰ পিছত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ঠিকাদাৰ সুনীল গগৈৰ হত্যাকাৰী বিচাৰি আৰক্ষী তদন্ত আৰম্ভ কৰিছিল।কোনে কিয় এনেদৰে হত্যা কৰিছিল তাক লৈ বিভিন্ন ধৰণে ৰাজ্যজুৰি চৰ্চা হৈছিল। ইয়াৰ পাছতে সমগ্ৰ ঘটনা এক নতুন মোৰ লয় যেতিয়া অসম আৰক্ষীৰ হাতত DNA পৰীক্ষাৰ ৰিপোৰ্ট আহি পৰে।
ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান প্ৰমুখ্যে চি আই ডিৰ উচ্চ পদস্থ বিষয়াই ঘটনাস্থলী পৰিদৰ্শন কৰি আৰম্ভ কৰিছিল এই তদন্ত। হায়দৰাবাদত থকা কেন্দ্ৰীয় ফৰেনছিক গৱেষণাৰ সহায় লোৱা হৈছিল । এই DNA ৰিপোৰ্টত প্ৰমাণ হৈছিল উদ্ধাৰ হোৱা মৃতদেহ সুনীল গগৈৰ নহয়, তাৰ বিপৰীতে ৰাজমিস্ত্ৰী জাহাংগীৰ হুছেইনৰ। কিয়নো জাহাংগীৰ হুছেইনো এই ঘটনা পৰা নিখোজ হৈ আছিল।
এই তথ্যৰ পিছত আৰক্ষীয়ে পলাতক ঘোষণা কৰিছে সুনীল গগৈক। জীৱন বীমা পলিচিৰ ধনৰ বাবে সুনীল গগৈয়ে জাহাংগীৰক হত্যা কৰি এনে ধৰণৰ ঘটনা সংঘটিত কৰাৰ সন্দেহ প্ৰকাশ আৰক্ষীৰ।এই ঘটনা পিছত সুনীল গগৈৰ পৰিয়ালো তদন্তৰ আওতালৈ আহিছে। আনফালে জাহাংগীৰ পৰিয়ালৰ লোকৰ মাজত শোকৰ ছাঁ পৰিছে।