Foods

সাৱধান! যদি আপুনি ডায়েৰী মিল্ক চকলেট খাই ভাল পাই,ডায়েৰী মিল্ক চকলেটৰ পৰা ওলাইছে পোক

নিউজ ডেক্স, ১৯ জুন
আপুনি ডায়েৰী মিল্ক চকলেট ভাল পায় নেকি? যদি খাই ভাল পাই তেন্তে সাৱধান। ডায়েৰী মিল্ক চকলেটৰ পৰা ওলাইছে পোক। তৈলনগৰী ডিগবৈত সংঘটিত হৈছে এই ঘটনা। বহুজাতিক কোম্পানীৰ দ্বাৰা নিৰ্মিত ডায়েৰী মিল্ক ছিল্ক চকলেট পেকেটৰ পৰা ওলাইছে পোক।
এগৰাকী মহিলাই নিজ সন্তানৰ বাবে কিনিছিল ডায়েৰী মিল্ক চকলেটৰ পেকেট। অকণমান খোৱাৰ পিছতে মহিলাগৰাকীয়ে চকলেটত দেখা পায় এটা পোক। পিছে চকলেটৰ পৰা ওলাল লমালমে পোক। তাৰ পিছতে চকলেটটোৰ এটা ভিডিঅ’ বনায় মহিলাগৰাকীয়ে। মহিলাগৰাকীয়ে কয়, ইমান দামী কোম্পানীৰ চকলেটত যদি পোক ওলায় এয়া আচৰিত কথা। চকলেটটোৰ ম্যাদ উকলি যোৱা নাছিল৷সমগ্ৰ ঘটনাক ভুক্তভোগীয়ে ভিডিও কৰি ডিগবৈ আৰক্ষী প্ৰশাসন আৰু বিভিন্ন কৰ্তৃত্বশীল বিভাগলৈ প্ৰেৰণ কৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button