সাৱধান! অনলাইন শ্বপিং কৰে যদি আপুনি
নিউজ ডেক্স, ২২ মে’
আপুনিও চাগে অনলাইন শ্বপিং বহুত কৰে । তেন্তে এতিয়াৰ পৰা সাৱধান হওঁক অনলাইন শ্ব’পিং কৰোঁতে সাৱধান । নহলে উদং হ’ব আপোনাৰ সাঁচতীয়া ধন। ফেচবুকত অহা বিজ্ঞাপনৰ পৰা সামগ্ৰী ক্ৰয় কৰি এতিয়া বিপদত পৰিছে কলিয়াবৰৰ এজন যুৱক। বিজ্ঞাপনত দেখুওৱা মূল্যও বেলেগ আনহাতে গ্ৰাহকৰ ওচৰ পাওঁতে সামগ্ৰীৰ মূল্য হৈছে আকাশলংঘী। ফেচবুকত বিজ্ঞাপনত দেখি অনলাইনৰ পৰা দাড়িত সনা তেল তেল অৰ্ডাৰ দিছিল শিলঘাটৰ অজয় মণ্ডলৰ নামৰ যুৱক জনে। কিন্তু কিছুসময় পাছতে বিজ্ঞাপনটো ৰিম’ভ হয়। প্ৰায় এমাহৰ পাছত সামগ্ৰী আহি পালে অজয়ৰ ঘৰ। কিন্তু ৬৯০ টকাৰ মূল্যৰ তেল হলগৈ ৩ হাজাৰৰো অধিক।
বিপদত পৰি এতিয়া শিলঘাট আৰক্ষীৰ কাষ চাপিছে অজয় মণ্ডলে।
ভুৱা প্ৰতিষ্ঠান বুলি জ্ঞাত হোৱাৰ পাছতে অজয়ে বিজ্ঞাপনটোৰ ৰিভিও চায় হতবাক হৈ পৰিছে¸কিয়নো অধিকাংশ গ্ৰাহকৰ লগতেই ভুৱা প্ৰতিষ্ঠানটোৱে ঠগবাজি কৰি সামগ্ৰী বিক্ৰী কৰাৰ অভিযোগ দিছে।