Foods

সাৱধান!আইচক্ৰীম খাই ভাল পায় যদি, আইচক্ৰীমত ওলাল মানুহৰ কটা আঙুলি!

নিউজ ডেক্স, ১৩ জুনঃ

প্ৰচণ্ড গৰমত যিসকলে আইচক্ৰীম খাই ভাল পায় তেওঁলোকৰ বাবে বেয়া খবৰ।
মুম্বাইৰ মালাড অঞ্চলৰ সংঘটিত হৈছে এটা আশ্চৰ্যজনক ঘটনা । এগৰাকী মহিলাই অৰ্ডাৰ দিছিল আইচক্ৰীম। আইচক্ৰীম খাবলৈ গৈ হতভম্ব হ’ল ৷ অনলাইনযোগে অৰ্ডাৰ দিয়া আইচক্ৰীমত ওলাল মানুহৰ আঙুলি।। সংবাদ সংস্থা এএনআইয়ে জনাইছে যে মুম্বাইৰ মালাড অঞ্চলৰ এগৰাকী মহিলাই আইচক্ৰীম শঙ্কুৰ ভিতৰত মানুহৰ আঙুলিৰ টুকুৰা এটা পাইছিল, যিটো তেওঁ অনলাইনত অৰ্ডাৰ দিছিল।ইতিমধ্যেই মহিলাগৰাকী আইচক্ৰীমটোৰ আধাখিনি খাইছিলেই।
মানুহগৰাকী আচম্বিত হৈ পৰে এই ঘটনাত। মহিলাগৰাকীয়ে আৰক্ষীক অৱগত কৰায় এই কথা।
য’ত য়ুম্মো আইচক্ৰীম কোম্পানীৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছিল আৰু খাদ্যৰ নমুনা ফৰেনচিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।
এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে দেশজুৰি। কেনেকৈ আইচক্ৰীমৰ ভিতৰত আঙুলি আহিল তাক লৈ আচৰিত সকলো। আৰক্ষীয়ে তদন্ত কৰি আছে ঘটনাটোৰ। যিখন প্ৰতিষ্ঠানৰ পৰা আইচক্ৰীমটো ক্ৰয় কৰিছিল প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰীকো সোধা পোছ চলাই আছে মুম্বাই আৰক্ষীয়ে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button