সাপ এবিধ অত্যাৱশ্যকীয় প্ৰাণী! সাপ দেখিলে আপুনি ভয় কৰে নেকি?
নিউজ ডেক্স, ১৬ জুলাইঃ
আজি বিশ্ব সৰ্প দিৱস। প্ৰতিবছৰে ১৬জুলাইৰ দিনটো সৰ্প দিৱস হিচাপে পালন কৰি অহা হৈছে। সাপ সম্পৰ্কীয় অন্ধবিশ্বাস দূৰীকৰণ আৰু সজাগতা সৃষ্টি কৰাৰ ক্ষেত্ৰত এই দিনটো সমগ্ৰ বিশ্বতে সৰ্প দিৱস হিচাপে পালন কৰি অহা হৈছে।
সাপক লৈ বিভিন্ন নেতিবাচক ধাৰণা আৰু এই বিষয়ে পৌৰাণিক কাহিনী থকা সত্ত্বেও, নিগনিৰ সংখ্যা নিয়ন্ত্ৰণ কৰা আৰু ৰোগ বিয়পাটো প্ৰতিহত কৰাৰ বাবে সাপ হৈছে অত্যাৱশ্যকীয় প্ৰাণী । ভাৰতত প্ৰায় 300 টা সাপৰ প্ৰজাতি আছে আৰু বিশ্ব সৰ্প দিৱস হৈছে সাপৰ প্ৰতি থকা ভুল ধাৰণা দূৰ কৰা আৰু সাপ সংৰক্ষণৰ গুৰুত্ব বৃদ্ধি কৰা ।
বিশ্বৰ ভিতৰতে সবাতোকৈ বিষাক্ত সাপ কেইবিধ হৈছে- ব্লেক মাম্বা, বুমশ্লাং, ফাৰ-ডি-লেন্স, ৰাছেলছ ভাইপাৰ, ইষ্টাৰ্ণ টাইগাৰ স্নেক, চাও-স্কেলড ভাইপাৰ, বেণ্ডেড ক্ৰেইট, ৰজা ফেঁটী (কিং কোব্ৰা), কোষ্টাল টাইপান, ইনলেণ্ড টাইপান ।
আনফালে ভাৰত পোৱা সাপ বোৰৰ ভিতৰত সবাতোকৈ বিষাক্ত সাপ কেইবিধ হৈছে- কিং কোব্ৰা, ভাৰতীয় ক্ৰেইট, ৰাছেলছ ভাইপাৰ, ছ’-স্কেল্ড ভাইপাৰ, ইণ্ডিয়ান কোব্ৰা (নাজা নাজা), মালাবাৰ পিট ভাইপাৰ, বেণ্ডেড ক্ৰেইট, বেম্ব’ পিট ভাইপাৰ, হাম্প-নোচেড পিট ভাইপাৰ, আন্দামান পিট ভাইপাৰ ।
আমি সাপৰ নাম শুনিলেই ভয় খাও যদিও আমাক সাপে ভিন্ন ধৰণে সহায় কৰে। সাপে ৰোগ প্ৰতিৰোধত এক বিশেষ ভূমিকা পালন কৰে আৰু কৃষি সম্প্ৰদায়ক লাভান্বিত কৰে । নিগনি জাতীয় প্ৰাণীৰ পৰা হব পৰা লাইম ৰোগ, লেপ্টোস্পাইৰোচিছ, লিচমেনিয়াচিছ, হাণ্টাভাইৰাছ আদি ভিন্ন ৰোগ প্ৰতিৰোধত সাপে সহায় কৰে।