Education

সাজু হওক:চৰকাৰী চাকৰিৰ পৰীক্ষাৰ দিন ঘোষণা,কি পদ্ধতিৰে নিযুক্তি দিয়া হ’ব নিবনুৱা যুৱক যুৱতীক?

নিউজ ডেক্স, ৯ জুলাইঃ

অসম চৰকাৰৰ অধীনত অচিৰেই হাজাৰ হাজাৰ পদবীৰ বাবে অনুষ্ঠিত হব পৰীক্ষা। এই কথা মুখ্যমন্ত্ৰীয়ে সোমবাৰে নিশা ফেচবুক লাইভ যোগে ঘোষণা কৰে। কেতিয়াকৈ অনুষ্ঠিত হব তৃতীয় বৰ্গ, চতুৰ্থ বৰ্গ, শিক্ষক আৰু অসম আৰক্ষীৰ পৰীক্ষা সকলো তাৰিখ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই বৰ্ষৰে ১৫, ২২, ২৯ ছেপ্তেম্বৰত অনুষ্ঠিত হব তৃতীয় বৰ্গৰ পৰীক্ষা। আৰু চলিত বৰ্ষৰে ২০ আৰু ২৭ অক্টোবৰত অনুষ্ঠিত হব চতুৰ্থ বৰ্গৰ পৰীক্ষা। এইবাৰ পৰীক্ষা লোকসেৱা আয়োগৰ পৰীক্ষাৰ আৰ্হিত অনুষ্ঠিত হব। প্ৰথমে প্ৰিলিমছ, তাৰ পাছত মেইনছ আৰু শেষত ভাইভা প্ৰক্ৰিয়া। চতুৰ্থ বৰ্গ তথা গ্ৰেড ৪ৰ বাবেও একেই ব্যৱস্থাৰে পৰীক্ষা হব। গ্ৰেড ৩ৰ বাবে খালী হৈ আছে প্ৰায় ৭৫০০ পোষ্ট, গ্ৰেড৪ত খালী হৈ আছে ৪৫০০ৰো অধিক পোষ্ট। বিহুৰ পূৰ্বে সকলো খালী পদ পূৰ হব।

আৰক্ষীৰ নিযুক্তি সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, ৬৪৩৪টা পদৰ আৰক্ষীৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হব । অহা ৩ অক্টোবৰৰ পৰা আৰক্ষীৰ শাৰিৰীক যোগ্যতাৰ পৰীক্ষা আৰম্ভ হ’ব। সেয়ে বানপানী শুকোৱাৰ পিছত খেলপথাৰবোৰ মুকলি হোৱাৰ পিছত সকলোৱে শাৰিৰীক যোগ্যতাৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰক ৷ ২০২৫ ত আৰু নতুন পদৰ আবেদন প্ৰক্তিয়া আৰম্ভ কৰাৰ লক্ষ্য অসম চৰকাৰৰ।

প্ৰাথমিক শিক্ষা বিভাগৰ ৫ হাজাৰ ৫ শ পদৰ বাবে শীঘ্ৰেই আৰম্ভ হ’ব নিযুক্তি প্ৰক্ৰিয়া। এইবাৰ প্ৰথমবাৰৰ বাবে ৰাজ্যত অনুষ্ঠিত হব -গণিত বিষয়ত সুকীয়া শিক্ষকৰ পদৰ পৰীক্ষা এই কথা জনায়। পূৰ্বে কেৱল বিজ্ঞান শিক্ষক আছিল, এতিয়াৰ পৰা গণিত বিষয়তো হব।

এই পৰীক্ষা সমুহৰ বিষয়ে সদৰি কৰি উঠি কয় যে, “মেধাৰ ভিত্তিত নিযুক্তি দিয়াটো বৰ সহজ নহয়। ক’ৰবাত ক’ৰবাত দলৰ ক্ষতিও হয়। দলৰ কাৰ্যকৰ্তায়ো দুঃখ কৰে দলত থাকিও চাকৰি নাপাঁও বুলি। কিন্তু আমি নিযুক্তি প্ৰক্ৰিয়া মেধাৰ ভিত্তিতেই কৰিম।”

লগতে কয়, ” ১ লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি সম্পূৰ্ণ কৰাৰ পিছত এইবাৰৰ নিৰ্বাচনী সভাত আমি আৰু ৩৫ হাজাৰ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিলো। অহা ব’হাগ বিহুৰ আগতেই আৰু ৩৫ হাজাৰ চাকৰি আমি দিম। আজিৰ পৰাই এই প্ৰক্ৰিয়া আৰম্ভ হৈছে। সেয়ে সকলোৱে ভালকৈ পঢ়ক।”

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button