Life Style

সঁচাকৈয়ে হ’ব নেকি হাৰ্দিক আৰু নাটাছাৰ মাজত বিবাহ বিচ্ছেদ ?

নিউজ ডেক্স, ২৯ মে’

ভাৰতীয় জনপ্ৰিয় ক্ৰিকেটাৰ হাৰ্দিক পাণ্ডিয়া আৰু পত্নী নাটাছাৰ মাজত বিবাহ বিচ্ছেদৰ বাতৰিয়ে তেওঁলোকৰ অনুৰাগী তথা নেটিজেনৰ মাজত এই বিষয়ে খুব চৰ্চা লাভ কৰিছে। সামাজিক মাধ্যমত নাটাছাৰ এক বিশেষ পোষ্টৰ পিছত অনুৰাগীৰ মাজত বিভিন্ন ধৰণৰ চৰ্চা লাভ কৰিছে। হাৰ্দিক আৰু নাটাছাই বিবাহ বিচ্ছেদ কৰিবনে এয়া উৰাবাতৰি? বিভিন্ন জনে বিভিন্ন যুক্তি দিছে। তাৰ মাজতে এজন অনুৰাগীৰ মতামত । যোৱা ৪ মাৰ্চত নাটাছাৰ জন্মদিন আছিল আৰু হাৰ্দিকৰ পৰা সেইদিনা কোনো পোষ্ট কৰা দেখা নগ’ল। নাটাছা আৰু হাৰ্দিকৰ শেহতীয়া সকলো ছবি আঁতৰাই দিয়া হৈছে কেৱল অগস্ত্যৰ সৈতে থকা ফটোখনত দুয়োকে একেলগে দেখা গৈছে।
আই পি এল মেচ চলি থকাৰ মাজতে নাটাছাক হাৰ্ডিকক সমৰ্থন বা সহযোগ‌ কৰা দেখা নগ’ল। ষ্টেডিয়ামত দেখা পোৱা নাছিল অনুৰাগীসকলে নাটাছাক ।নাটাছাই তেওঁৰ ইনষ্টাগ্ৰাম হেণ্ডেলৰ পৰা পাণ্ডিয়া নামটো বাদ দিছে।বন্ধুৰ সৈতে অভিনেত্ৰীগৰাকীৰ ফটো আৰু ভিডিঅ’ প্ৰকাশ পাইছিল ।যাৰ ফলত অনুৰাগীসকলৰ মাজত জানিবলৈ উৎকণ্ঠা বাঢ়িছে সঁচাকৈয়ে দুয়োৰে মাজত কিবা ভুল বুজাবুজি হৈছে নেকি?বিগত কিছুদিন ধৰি দম্পতীহালৰ ব্যক্তিগত জীৱনক লৈ যথেষ্ট উৰাবাতৰিৰ সৃষ্টি হৈছে। তাৰ পিছত দুয়োজনে এতিয়ালৈকে কোনো মন্তব্য কৰা নাই। অৱশ্যে সাত জনমলৈ এক হোৱাৰ পবিত্ৰ বান্ধোনত বান্ধ খোৱাৰ পিছতো সঁচাকৈয়ে হাৰ্ডিক আৰু নাটাছা ষ্টেনকভিচৰ মাজত মনৰ অমিল হৈ দু‌য়োগৰাকীয়ে এজনে আনজনৰ পৰা আঁতৰি যোৱাৰ সিদ্ধান্ত লৈছে নে আন কিবা ভুল বুজাবুজি হৈছে এয়া সময়ত হ’ব লক্ষ্যনীয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button