Crime

শ্বীনা বৰা হত্যাকাণ্ড গোচৰক লৈ নতুন আপডেট!বিচাৰি পোৱা নাই আৰক্ষীয়ে উদ্ধাৰ কৰা শ্বিনা বৰাৰ মৃতদেহৰ অৱশিষ্ট অংশ তথা হাড়

নিউজ ডেক্স, ১৫ জুনঃ
শ্বীনা বৰা হত্যাকাণ্ড গোচৰক লৈ নতুন আপডেট৷ এতিয়াও ৰহস্যৰ অন্ত পৰা নাই নাই শ্বীনা বৰা হত্যাকাণ্ডৰ৷ শেহতীয়াকৈ আদালতত চিবিআই-এ জনোৱা মতে, মহাৰাষ্ট্ৰৰ ৰায়গড়ত আৰক্ষীয়ে উদ্ধাৰ কৰা শ্বিনা বৰাৰ হাড় আৰু অৱশিষ্ট অন্তর্ধান হৈছে।
হাড়বোৰ পৰীক্ষাৰ বাবে মুম্বাইৰ জেজে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল ৷ চিবিআইয়ে মুম্বাইৰ বিশেষ আদালতত কৈছিল যে যথেষ্ট অনুসন্ধান কৰা স্বত্বেও, এই হাড়বোৰ পোৱা নাই।
শ্বিনা বৰা হত্যাকাণ্ডৰ বিষয়টো ২০১৫ চনত প্ৰথমবাৰৰ বাবে পোহৰলৈ আহিছিল। অভিযোগ অনুসৰি ২০১২ চনৰ ২৪ এপ্ৰিলত শ্বিনাৰ মাতৃ ইন্দ্ৰানী মুখার্জীয়ে সঞ্জীৱ খান্না আৰু শ্যামবীৰ ৰায়ৰ সহায়ত ২৪ বছৰীয়া শ্বিনা বৰাক হত্যা কৰিছিল। ৰায়গড় অঞ্চলৰ অৰণ্যত উদ্ধাৰ হৈছিল শ্বিনাৰ মৃতদেহ। ২০১৫ চনৰ ঘটনাত সমগ্র দেশ শিহৰিত হৈ উঠিছিল। গ্ৰেপ্তাৰ হৈছিল ইন্দ্রানী মুখার্জী। ২০২২ চনত তেওঁ জামিনত মুক্তি পাইছিল। বিগত ৭ মে’ত ফৰেনছিক বিশেষজ্ঞ ড’ জেবা খানক চি বি আইয়ে জেৰা কৰিছিল। এইগৰাকী জেবা খানেই ২০১২ চনত উদ্ধাৰ হোৱা হাড়মূৰৰ ফৰেনছিক পৰীক্ষা কৰিছিল আৰু সেইসমূহ মানৱ দেহৰ অংশ বুলি নিশ্চিতও হৈছিল। উল্লেখ্য যে, শ্বীনা বৰাক মাতৃ ইন্দ্ৰাণী মুখাৰ্জীয়ে সকলোৰে আগত ভগ্নী বুলিহে চিনাকী দিছিল। শ্বিনা বৰা হত্যাকাণ্ডৰ গোচৰটো চিবিআই-এ তদন্ত কৰি আছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button