National

শোকাৱহ! ভূমিস্খলনৰ ফলত কৰিমগঞ্জত একেটা পৰিয়ালৰ ৫ গৰাকীকৈ লোকৰ কৰুণ মৃত্যু

নিউজ ডেক্স, ১৯ জুনঃ
কৰিমগঞ্জত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। ধাৰাসাৰ বৰষুণৰ ফলত সংঘটিত হয় ভয়ংকৰ ভূমিস্খলন। ভয়ংকৰ ভূমিস্খলনৰ ফলত কৰিমগঞ্জ জিলাৰ বদৰপুৰত একেটা পৰিয়ালৰ ৫ জন লোকৰ মৃত্যু হয়। নিশা শুই থকা অৱস্থাতে মাটি খহি আহি হেচা মাৰি ধৰে পৰিয়ালটোক। বদৰপুৰৰ বেণ্ডাৰগোল এলেকাৰ তাজুৰতল গাঁৱত সংগঠিত হয় এই ভয়ংকৰ অঘটনটো। ভূমিস্খলনৰ ফলত আব্দুল কৰিমৰ পৰিয়ালৰ ৫জন লোকৰ মৃত্যু হয়। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ বদৰপুৰ আৰক্ষী আৰু SDRFএ উদ্ধাৰ কাৰ্য চলায় আছে। উপস্থিত হৈয়ে মাটিত পোত যোৱা অৱস্থাৰ পৰা মাটি খান্দি উদ্ধাৰ কাৰ্য চলাই উদ্ধাৰ কৰে মৃতদেহ কেইটি। নিশা প্ৰায় ১২.৩০ বজাত সংঘটিত হয় এই ঘটনা।
ভূমিস্খলনৰ ফলত মৃত্যু হোৱা লোক কেইগৰাকী হ’ল আব্দুল কৰিমৰ পত্নী ৰাইমুননেছা(৫৫), কন্যা সাহেদা খানম(১৮), জাহেদা খানম(১৬) হামিদা খানম (১১) আৰু নাতি মেহেদি হাছান(৩)। ভূমিস্খলনৰ ঘটনাই সকলো শোকাস্তব্ধ কৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button