শোকাৱহ ঘটনা!পানী আগবঢ়াবলৈ কৰা ভিৰৰ মাজতেই পদপৃষ্ট হৈ নিহত ৭ জনকৈ বোলবোম যাত্ৰী!
নিউজ ডেক্স, ১২ আগষ্টঃ
পুনৰ ব’ল বমৰ শোকাৱহ ঘটনা ৷ বিহাৰৰ জেহানাবাদত সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা। মখদুমপুৰৰ ৱানাৱাৰৰ সিদ্ধেশ্বৰ মন্দিৰত পদপিষ্ট হৈ মৃত্যু হৈছে ৭ জনকৈ লোকৰ। আনহাতে, আহত হৈছে বহুজন।
উল্লেখযোগ্য যে, শাওণৰ শেষৰটো সোমবাৰ উপলক্ষে বিহাৰৰ জাহানাবাদৰ সিদ্ধেশ্বৰ মন্দিৰত পূজাৰ বাবে ভক্তৰ অগণন ভিৰ পৰিলক্ষিত হয়। তাৰ মাজতে হঠাৎ মন্দিৰৰ ভিতৰত ভক্তসকলৰ মাজত ঠেলা হেঁচা হোৱাত বহু লোকে বাগৰি পৰে। ফলত এই কৰুণ ঘটনা সংঘটিত হয়। মাখদুমপুৰৰ ভানাভাৰৰ বাবা সিদ্ধেশ্বৰ নাথ মন্দিৰৰ বাহিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু। এই আটাইকেইজন লোকে আজি সোমবাৰে শিৱ লিংগত পানী আগবঢ়াবলৈ আহিছিল। মৃত্যু হোৱা সকলৰ ভিতৰত আছে পুৰুষ-মহিলা উভয়। আহত বহু লোকক চিকিৎসাৰ বাবে স্থানীয় মখদুমপুৰ চিকিৎসালয় আৰু জেহানাবাদ সদৰ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ পিছতে সেই স্থানত উপস্থিত হয় আৰক্ষী প্ৰশাসনৰ দল।
একাংশ প্ৰত্যক্ষদৰ্শীৰ মতে মন্দিৰৰ ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ কোনোধৰণৰ সুব্যৱস্থা লোৱা হোৱা নাছিল। একাংশৰ অভিযোগ অনুসৰি ভিৰৰ বাবে মন্দিৰ কৰ্তৃপক্ষই ভক্তৰ ওপৰত লাঠি চালনাও কৰিছিল। তাৰ বাবেই মন্দিৰৰ ভিতৰৰ পৰা ঠেলা হেঁচাকৈ ভক্তসকল বাহিৰলৈ ওলাই আহিছিল।
মন্দিৰৰ পৰিস্থিতি যাতে কোনো কাৰণতে অৱনতি নঘটে তাৰ বাবে জিলা প্ৰশাসনে তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰি সকলো নিয়ন্ত্ৰণলৈ আনিছে। আৰক্ষীয়ে এই ঘটনাৰ সঠিক তদন্তৰা আশ্বাস দিছে।