শুভ্ৰ শাৰী পৰিধান কৰি জাহিৰ ইকবালৰ সৈতে বিবাহ পাশত আবদ্ধ হ’ল জনপ্ৰিয় অভিনেত্ৰী সোনাক্ষী সিনহা

নিউজ ডেক্স, ২৪ জুনঃ
যুগ্ম জীৱনৰ পাতনি মেলিলে বলীউডৰ ধুনীয়া অভিনেত্ৰী সোনাক্ষী সিনহা আৰু তেওঁৰ দীৰ্ঘদিনীয়া প্ৰেমিক জাহিৰ ইকবালে । বিবাহৰ নামত অন্যান্য কোনো নীতি নিয়ম পালন কৰাৰ সলনি দুয়োকে কেৱল এখন বিশেষ পত্ৰত ছহী কৰা দেখা গৈছে। বিবাহত উপস্থিত থাকে তেওঁলোকৰ আত্মীয়। শুভ্ৰ শাৰী পৰিধান কৰিছিল সোণাক্ষীয়ে। ডিঙিত গহণা, মূৰত ফুলৰ খোপা। আনহাতে জাহিৰে পিন্ধিছিল বগা শ্বেৰৱানী। হিন্দু অথৱা মুছলমান কোনো নিয়মকেই এই বিবাহত অগ্রাধিকাৰ দিয়া হোৱা নাই। স্বামী মুছলমান হোৱা স্বত্ত্বেও বিবাহৰ পাছৰ পাৰ্টীত সোনাক্ষীক দেখা গ’ল ৰঙা শাৰীৰে সৈতে শিৰত সেন্দুৰ লোৱা।


সোণাক্ষী সোনাক্ষী সিনহা তাইৰ বিয়াৰ ফটোছচিয়েল মিডিয়াত শ্বেয়াৰ কৰি লিখিছে “সাত বছৰ আগতে (২৩.০৬.২০১৭) আজিৰ দিনটোত আমি ইজনে সিজনৰ চকুত প্ৰেম দেখিছিলো আৰু ইয়াক অনুসৰণ কৰাৰ সিদ্ধান্ত লৈছিলো। আজি সেই প্ৰেমে আমাক সকলো প্ৰত্যাহ্বানৰ ওপৰত জয়লাভ ৰ মাজেৰে পথ প্ৰদৰ্শন কৰিছে। দুয়োটা পৰিয়ালৰ আশীৰ্বাদত, আমি এতিয়া স্বামী আৰু পত্নী। ইয়াত ইজনে সিজনৰ সৈতে প্ৰেম, আশা আৰু সকলো ধুনীয়া বস্তু আছে। জাহিৰ আৰু সোনাক্ষী চিৰদিনৰ বাবে একত্ৰিত হৈ আছে। “

সোণাক্ষী সিনহা আৰু জাহিৰ ইকবালৰ বিবাহক লৈ বহুত চৰ্চা হৈছিল। আগতে বহুলোকে কৈছিল যে সোণাক্ষীৰ দেউতাক শত্ৰুঘ্ন সিনহা এই বিবাহৰ বিৰোধী আৰু ইয়াৰ অংশ নহ’ব, কিন্তু কেইদিনমানৰ পিছত, শত্ৰুঘ্ন সিনহা নিজেই তেওঁৰ ভৱিষ্যতৰ জামাই জাহিৰ ইকবালৰ সৈতে উপস্থিত হৈছিল আৰু কৈছিল যে তেওঁ তেওঁৰ জীয়ৰী সাক্ষীৰ সৈতে এই সিদ্ধান্তত আছে। সোণাক্ষী তেওঁৰ একমাত্ৰ জীয়ৰী আৰু তেওঁ আনন্দেৰে এই বিয়াত উপস্থিত থাকিব আৰু তেওঁৰ আশীৰ্বাদ সদায় জাহিৰ আৰু সোনাক্ষীৰ সৈতে থাকে।