Education

শিক্ষা সেতুত অনুপস্থিত অসম চৰকাৰৰ ৪,৯০৭ শিক্ষক

নিউজ ডেক্স, ৬ জুলাই,

শিক্ষা সেতুত লৈ বিভিন্ন বিতৰ্কৰ মাজতে ৰাজ্যৰ শিক্ষা বিভাগৰ ডাঙৰ সিদ্ধান্ত। শিক্ষকৰ উপস্থিতিৰ খতিয়ান দিব লগা শিক্ষা সেতু এপকলৈ ৰাজ্যৰ শিক্ষক তথা শিক্ষাৰ্থীসমাজ বিভিন্ন সমস্যাৰ সন্মুখীন হৈছিল।

তাৰ মাজতে বৃহস্পতিবাৰে প্ৰকাশ পোৱা এক তথ্য অনুসৰি দাবী কৰা হৈছে যে অসমৰ বিদ্যালয়ৰ শিক্ষা বিভাগৰ অধীনত শিক্ষা সেতু পৰ্টেলত পঞ্জীয়নভুক্ত প্ৰায় ৫ হাজাৰ শিক্ষকক দীৰ্ঘদিন ধৰি অনুপস্থিত বুলি ধৰা পৰিছে। এই অধিসূচনাত শিক্ষকসকলৰ উপস্থিতিৰ শাৰীৰিক পৰীক্ষণৰ পিছত জিলাসমূহৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক আৰু ডি ই অ’ৰ পৰা প্ৰতিবেদন বিচাৰিছিল।

তথ্য অনুসৰি শিক্ষা সেতু পৰ্টেলত অসমৰ ৩৩ খন জিলাৰ ৪৯০৭ গৰাকী শিক্ষক অনুপস্থিত হোৱা দেখা গৈছে আৰু সৰ্বাধিক তিনিচুকীয়া জিলাৰ ৪০০ৰো অধিক শিক্ষক অনুপস্থিত বুলি জানিব পৰা গৈছে।

কামৰূপ মেট্ৰ’ জিলাৰ ২৯৪, ধুবুৰীৰ ২৮৬, নগাঁৱৰ ২৫৯, আৰু গোৱালপাৰাৰ ২৪৫ শিক্ষকক দীৰ্ঘদিন ধৰি পৰ্টেলত অনুপস্থিত বুলি নিশ্চিত কৰি বিষয়টো কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ হৈছে।

সেই হিচাপে অসম চৰকাৰৰ সম্পাদক হিচাপে কৰ্মৰত আই এ এছ নাৰায়ণ শইকীয়াই বিদ্যালয় পৰিদৰ্শক আৰু ডি ই অ’ সকলক এই শিক্ষকসকলৰ অস্তিত্ব শাৰীৰিকভাৱে পৰীক্ষা কৰি শুকুৰবাৰ (৫ জুলাই)ৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ উপৰিও অধিসূচনাখনত প্ৰতিবেদন দাখিল নোহোৱালৈকে শিক্ষকসকলৰ দৰমহা কৰ্তন কৰাৰ সম্ভাৱনা উল্লেখ হৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button