Political

শপত গ্ৰহণৰ পিছত দেশৰ প্ৰধানমন্ত্ৰীৰ প্ৰথমটো কাম

নিউজ ডেক্স, ১০ জুন

এক অভিলেখ ৰচি ভাৰতবৰ্ষত তৃতীয় বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ ল’লে নৰেন্দ্ৰ মোদীয়ে।তৃতীয়বাৰৰ বাবে মোদীয়ে অধিস্থিত হ’ল প্ৰধানমন্ত্ৰী হিচাপে । ইয়াৰ পূৰ্বে ২০১৪,২০১৯ আৰু বৰ্তমান ২০২৪ চনত তেওঁ প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিলে।
বিজেপি দল তথা এন ডি এ দলৰ সহযোগত নতুনকৈ চৰকাৰ গঠন কৰিলে কেন্দ্ৰত নৰেন্দ্ৰ মোদীয়ে।

ৰাষ্ট্ৰপতি ভৱনত ব্যাপক প্ৰস্তুতিৰ মাজত এক ঐতিহাসিক অনুষ্ঠান অনুষ্ঠিত হৈ গ’ল।সদ্য অনুষ্ঠিত লোকসভা নিৰ্বাচনৰ বিৰোধীৰ প্ৰতিৰোধ নেওচি একেধাৰে তৃতীয় কাৰ্যকালৰ বাবে অধিস্থিত হ’ল প্ৰধানমন্ত্ৰী পদত নৰেন্দ্ৰ দামোদৰ দাস মোদীয়ে। তাৰ লগতে শপত ল’লে মোদীৰ ৭২ জনীয়া মন্ত্ৰীসভাই। দেওবাৰৰ সন্ধিয়াত কমেও পাঁচ হাজাৰ লোকৰ উপস্থিতিৰে ৰাষ্ট্ৰপতি ভৱনৰ বাকৰিত শপত গ্ৰহণ কৰালে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে।আন ৩০ গৰাকী কেবিনেট মন্ত্ৰী, ৫ স্বতন্ত্ৰ ৰাজ্য মন্ত্ৰী আৰু ৩৬ ৰাজ্য মন্ত্ৰীয়ে এজন এজনকৈ শপত গ্ৰহণ কৰে।

প্ৰধানমন্ত্ৰী হোৱা পিছত দেশৰ কৃষক সকলৰ বাবে প্ৰথমটো কামৰ শুভাৰম্ভণি । প্ৰায় ৯ কোটি
কৃষকৰ বাবে অধিক ভাল খবৰ। দেশৰ কৃষকসকলৰ বাবে, তেওঁলোকৰ উন্নতিৰ বাবে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ ফাইলত প্ৰথমটো স্বাক্ষৰ নৰেন্দ্ৰ মোদীৰ
PM-KISAN নিধিৰ ১৭ সংখ্যক কিস্তি মুকলাই দিয়াৰ অনুমতি দি স্বাক্ষৰ প্ৰদান প্ৰধানমন্ত্ৰী গৰাকীৰ । ইয়াৰ জৰিয়তে দেশৰ ৯ কোটি কৃষক লাভৱান হ’ব। কৃষকৰ একাউণ্টত সোমাব ধন। কৃষকৰ সৰ্বাংগীন উন্নতিৰ লগতে কৃষিক্ষেত্ৰত বিভিন্ন ধৰণে কাম কৰিবলৈ সাজু হৈছে মোদী চৰকাৰ। আগন্তুক পাঁচ বছৰলৈ ন- উদ্যমেৰে কাম কৰিবলৈ সাজু মোদীৰ লগতে মোদীৰ নেতৃত্বত বিজেপি চৰকাৰ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button