লোকসভা নিৰ্বাচনৰ পিছত কংগ্ৰেছৰ ‘ধন্যবাদ যাত্ৰা’
নিউজ ডেক্স, ১১ জুনঃ
অষ্টাদশ লোকসভা নিৰ্বাচনৰ ফলাফল পিছত দেশত চৰকাৰ গঠন কৰিলে বিজেপি চৰকাৰে। বিৰোধী মিত্ৰজোঁটে বিৰোধী দল হিচাপে ভূমিকা গ্ৰহণ কৰিলে। নিৰ্বাচনৰ আৰম্ভণি পৰা ফলাফলৰ এই দীঘলীয়া পৰিক্ৰমাত প্ৰতিটো দলৰ নেতা,কৰ্মী তথা সমৰ্থক সকলে বিভিন্ন ধৰণে দলৰ ভেটি শক্তিশালী কৰিবলৈ, বিভিন্ন কাম কৰিবলৈ অশেষ কষ্ট তথা কাম কৰা পৰিলক্ষিত হৈছিল।
দেশ তথা ৰাজ্যৰ নিৰ্বাচনী পটভূমিলৈ লক্ষ্য কৰিলে দেখিবলৈ পোৱা যায় এইবাৰ আকৰ্ষণীয় ৰাজনৈতিক যুঁজ হৈছে। বিজেপিৰ বিপৰীতে কংগ্ৰেছ দলে বিভিন্ন ধৰণে দলটোৰ ভেটি শক্তিশালী কৰিবলৈ বিভিন্ন ধৰণে ৰণকৌশলৰ প্ৰস্তুতি চলাইছিল। বিশেষকৈ কংগ্ৰেছৰ শীৰ্ষ নেতা ৰাহুল গান্ধীৰ তত্বাৱধানত কংগ্ৰেছ দল আগবাঢ়ি গৈছিল। নিৰ্বাচনৰ পূৰ্বে ৰাহুল গান্ধীয়ে দেশ তথা ৰাজ্যত ‘ ভাৰত জুড়ো ন্যায় যাত্ৰাৰ ‘ দৰে বিশাল ৰেলী তথা যাত্ৰা উলিয়াই সাধাৰণ জনতাৰ মনৰ বুজ লৈছিল। ৰাইজৰ কাষলৈ গৈছিল , জনতাই কি বিচাৰে, দেশত কেনেদৰে পৰিৱৰ্তন বিচাৰে সেই বিষয়ে জানিবলৈ চেষ্টা কৰিছিল।বিভিন্ন দিশ জালিচাৰি চাই সম্পূৰ্ণ পৰিকল্পনাৰে আগুৱাইছিল কংগ্ৰেছ।
এই যাত্ৰাত জনতা মন স্পৰ্শ কৰিবলৈ সক্ষম হৈছিল ৰাহুল গান্ধী তথা কংগ্ৰেছ দল। বিভিন্ন ঠাইত কংগ্ৰেছ কৰ্মী সকলে সহযোগ কৰিছিল।অসমতো এই যাত্ৰা কৰা হৈছিল। বিভিন্ন ধৰণে বাধা দিয়া পৰিলক্ষিত হৈছিল সেই সময়ত এই যাত্ৰাক। সকলো প্ৰতিঘাট নেওচি কংগ্ৰেছৰ এই যাত্ৰা সফল হৈছিল।
এইবাৰ ফলাফল পিছত কংগ্ৰেছৰ পুনৰ এক নতুন যাত্ৰা হৈছে ‘ধন্যবাদ যাত্ৰা ‘। এই ধন্যবাদ যাত্ৰাৰ আৰম্ভণি হ’ব উত্তৰ প্ৰদেশৰ পৰা।১১ জুন অৰ্থাৎ আজিৰ পৰা ১৫ জুনলৈ উলিয়াব এই ‘ধন্যবাদ যাত্ৰা’।
৪০৩টা বিধানসভা সমষ্টিত ‘ধন্যবাদ যাত্ৰা’ কংগ্ৰেছৰ।হাছানপুৰ বিধানসভা সমষ্টিৰ পৰা ধন্যবাদ যাত্ৰাৰ আৰম্ভণি। কংগ্ৰেছৰ এই যাত্ৰাত প্ৰতিজন ভোটাৰলৈ ধন্যবাদ জনোৱাৰ লগতে যিসকলে দলটোৰ সৈতে সহযোগ কৰিছে, দলৰ হৈ কাম কৰিছে। যিয়ে দলটোক ভালপায়, যি কংগ্ৰেছৰ হৈ কাম কৰিবলৈ বিচাৰে সেই সকল ভোটাৰ ৰাইজলৈ কংগ্ৰেছৰ ‘ধন্যবাদ যাত্ৰা ‘