মোদীৰ মন্ত্ৰীসভাত স্থান পালে ৭ গৰাকী মহিলা
নিউজ ডেক্স, ১১ জুনঃ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তৃতীয় কাৰ্যকালৰ বাবে ৭২ জনীয়া মন্ত্ৰীসভা গঠন হ’ল। নতুন মন্ত্ৰীসভাত কিছু সাল-সলনি ঘটাই আগন্তুক পাঁচ বছৰৰ বাবে গঠন কৰা হ’ল মন্ত্ৰীসভা। এইবাৰ মোদীৰ কাৰ্যকালত দুগৰাকী কেবিনেট, পাঁচ গৰাকী ৰাজ্যমন্ত্ৰী হিচাপে পালে স্থান। ইয়াৰ পূৰ্বে দ্বিতীয় মন্ত্ৰী সভাত আছিল ১০ গৰাকী মহিলা মন্ত্ৰী।
৯ জুনত শপত গ্ৰহণ কৰিলে আটাইকেইগৰাকী মহিলা মন্ত্ৰীয়ে। এই মহিলা মন্ত্ৰী কেইগৰাকী হ’ল ক্ৰমে নিৰ্মলা সীতাৰমণ,অন্নপূৰ্ণা দেৱী, অনুপ্ৰিয়া পেটেল,সাবিত্ৰী ঠাকুৰ,শোভা কাৰন্দালাজ,নিশুৱেন বমভানিয়া আৰু ৰক্ষা খড়সে।
কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ দায়িত্ব পৰিছে বিত্ত, কৰ্পৰেট বিভাগত । ইয়াৰ পূৰ্বে একেটা দপ্তৰ তেওঁৰ দায়িত্বত আছিল। অন্নপূৰ্ণা দেৱীয়ে লাভ কৰিছে নাৰী আৰু শিশু কল্যাণ মন্ত্ৰালয়ৰ দায়িত্ব।
আনহাতে ৰাজ্যিক মন্ত্ৰীৰ ভিতৰত অনুপ্ৰিয়া পেটেলৰ দায়িত্বত আছে স্বাস্থ্য পৰিয়াল কল্যাণ, ৰসায়ন আৰু সাৰ বিভাগ , সাবিত্ৰী ঠাকুৰে লাভ কৰিছে নাৰী আৰু শিশু কল্যাণ ,শোভা কাৰন্দালাজে লাভ কৰিছে ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ, শ্ৰম আৰু নিয়োগ, ৰক্ষা খড়সেৰ হাতত যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া, নিশুৱেন বমভানিয়া দায়িত্বত আছে উপভোক্তা পৰিক্ৰমা, খাদ্য – ৰাজহুৱা বিতৰণ।এই ৭ গৰাকী নাৰী শক্তিৰ হাতত আছে বিভিন্ন গুৰুত্বপূৰ্ণ দপ্তৰৰ দায়িত্ব। মোদীৰ নেতৃত্বত গঠন হোৱা নতুন মন্ত্ৰীসভাত আন মন্ত্ৰীসকলৰ সমানেই নেতৃত্ব আগবঢ়াব আটাইকেইগৰাকী মহিলা মন্ত্ৰীয়ে।