মায়ানগৰী মুম্বাইত অসমৰ অভিনেত্ৰীৰ ৰহস্যজনক অৱস্থাত উদ্ধাৰ মৃতদেহ, ‘The Trial’ নামৰ ৱেবচিৰিজখনত অভিনয় কৰিছিল
নিউজ ডেক্স, ১০ জুনঃ
কেইবাটাও ৱেব ছিৰিজ কাম কৰা অভিনেত্ৰী নুৰ মালাবিকা দাসক তেওঁৰ মুম্বাইৰ ফ্লেটত মৃতদেহ উৱলি যোৱা অৱস্থাত উদ্ধাৰ হয়। অভিনেত্ৰীগৰাকীৰ মৃতদেহ মুম্বাইৰ লোখণ্ডৱালাস্থিত তেওঁৰ বাসগৃহত উদ্ধাৰ হয় ৷ কাটাৰ এয়াৰৱেজৰ এগৰাকী প্ৰাক্তন এয়াৰ হোষ্টেছ নুৰ মালাবিকা । অসমৰ আছিল অভিনেত্ৰী তথা মডেল গৰাকী।
কেইবাদিনো ধৰি ঘৰৰ পৰা ওলাই নহাৰ বাবে চুবুৰীয়াই সন্দেহ কৰি আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষীয়ে আহি উদ্ধাৰ কৰে মালবিকাৰ নশ্বৰ দেহ, সূত্ৰই জনোৱা মতে।
আৰক্ষীয়ে দুৱাৰখন ভাঙি ৩৭ বছৰীয়া অভিনেত্ৰী জনৰ মৃতদেহটো পচি যোৱা অৱস্থাত পাইছিল। তেওঁলোকে অনুসন্ধানৰ অংশ হিচাপে তাইৰ ঘৰৰ পৰা ঔষধ আৰু মোবাইল ফোনসহ নমুনা সংগ্ৰহ কৰিছে। কিন্তু তাইৰ ফ্লেটৰ পৰা কোনো চুইচাইড নোট উদ্ধাৰ কৰা হোৱা নাই, এজন বিষয়াই কয় যে দুৰ্ঘটনাজনিত মৃত্যুৰ প্ৰতিবেদন (এডিআৰ) দাখিল কৰা হৈছে। প্ৰাৰম্ভিক তদন্তত আৰক্ষীয়ে এয়া আত্মহত্যা বুলি সদৰি কৰিলেও বৰ্তমানলৈকে চলি আছে ঘটনাৰ সন্দৰ্ভত তদন্ত।
মালবিকাৰ এগৰাকী বন্ধুয়ে আৰক্ষীক জনাইছে যে, যোৱা সপ্তাহত পৰিয়ালৰ সৈতে মুম্বাই হাঁহি-স্ফূৰ্তিৰে আছিল মালবিকা। কেইদিনমানৰ পূৰ্বেহে পৰিয়ালৰ লোক ঘৰলৈ উভতি আহিছিল।
নুৰ মালৱিকা দাস এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু কেইবাখনো ৱেব ছিৰিজ, টিভি ছিৰিয়েল আৰু বলীউদৰ ছবিত অভিনয় কৰিছে। বলীউদ অভিনেত্ৰী কাজলৰ ৱেব ছিৰিজ ‘দ্য ট্ৰায়েল’ ফেম কাম কৰিছে৷ উল্লু এপৰ কেইবাখনো ছবি আৰু ছিৰিজত নিজৰ অভিনয়ৰ লগতে ব’ল্ডনেছৰ বাবে জনপ্ৰিয় হৈছিল। ‘বাকমেন’, ‘তীখী চাটনি’, ‘জঘন্যা উপায়’, ‘চৰমসুখ’, ‘দেখী অনদেখী’, ‘বেকৰোড হলচল’ আদিত অভিনয় কৰিছিল মালবিকাই।