মহানগৰীত কৃত্ৰিম বানত উটি গ’ল ৮ বছৰীয়া এটি কণমানি শিশু

নিউজ ডেক্স, ৫ জুলাইঃ
নেৰানেপেৰা বৰষুণৰ মাজতে গুৱাহাটী মহানগৰীত অঘটন। জ্যোতি নগৰ কালী মন্দিৰ পথৰ ৮ নং বাইলেনত সংঘটিত হয় এই ঘটনা । স্কুটীৰ পৰা নলাত পৰি উটি যায় ৮ বছৰীয়া অবিনাশ সৰকাৰ নামৰ এটি শিশু। পুৱতিনিশালৈ SDRF আৰু আৰক্ষীয়ে শিশুটিক উদ্ধাৰৰ বাবে অভিযান চলা যদিও শিশুটিৰ কোনো সন্ধান উলিয়াব নোৱাৰিলে। পিতৃৰ সৈতে স্কুটিত আহি থকাৰ অৱস্থাত পিছলি পৰি সংঘটিত হয় এই শোকাৱহ ঘটনা। কৃত্ৰিম বানত সন্ধানহীন অভিলাষক বিচাৰি হাহাকাৰ পৰিয়ালত। কান্দোনত ভাঙি পৰিছে পৰিয়ালৰ লোক সকল।
গুৱাহাটী মহানগৰীত মুষলধাৰ বৰষুণত কৃত্ৰিম বানত ডুব গৈছে মহানগৰীৰ বহু প্ৰান্ত। জুৰোড, পাঞ্জাবাৰী, ৰাজগড়, চানমাৰি, হাতীগাঁও, ৰুক্মিনীগাঁৱকে ধৰি বিভিন্ন প্ৰান্ত জলমগ্ন হৈ পৰে। একঁকাল পৰ্যন্ত পানী উক্ত পথটোত। কৃত্ৰিম বানপানীৰ ফলত বহু লোকৰ যান-বাহনো বিকল হৈ পৰে। বিভিন্ন স্থানত পুৱালৈকে পানী নুশুকুৱাৰ ফলত অফিচ-কাছাৰীলৈ যাবলগীয়া লোকসকলে ডাঙৰ সমস্যাত পৰিবলগীয়া হয়।