‘‘মই যি ভাবিছিলো… ’’ৰূপৰ পদক জিকাৰ পিছত ক’লে এনেদৰে নিৰজ চোপ্ৰাই, দেশলৈ আনিলে প্ৰথমটো ৰূপৰ পদক
নিউজ ডেক্স, ৯ আগষ্ট,
ব্ৰঞ্জৰ পাছত এইবাৰ ভাৰতে লাভ কৰিলে ৰূপৰ পদক। পেৰিছ অলিম্পিকত ভাৰতৰ প্ৰথমটো ৰূপৰ পদক লাভ কৰিলে জেভলিন থ্ৰ’ত গল্ডেন বয় নীৰজ চোপ্ৰাই ৷ ৮৯.৪৫ মিটাৰ থ্ৰ’ কৰি ৰূপৰ পদক লাভ কৰে নীৰজে। একেৰাহে দুবাৰকৈ অলিম্পিকত পদক জয় কৰিলে নীৰজ চোপ্ৰাই। টকিঅ’ অলিম্পিকত স্বৰ্ণজয় কৰিছিল ভাৰতৰ খেলুৱৈগৰাকীয়ে।
আনহাতে পাকিস্তানৰ প্ৰতিদ্বন্দ্বী আৰ্শ্বাদে লাভ কৰে সোণৰ পদক। তেঁও ৯২. ৯৭ মিটাৰ জেভ’লিন দলিয়াই স্বৰ্ণ পদক অৰ্জন কৰে। কেইবাবছৰ ধৰি নীৰজ আৰু আৰ্ছাদে বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আহিছে। ভাৰতীয় তাৰকাগৰাকীয়ে জনাইছে, আৰ্ছাদ তেওঁৰ বন্ধু। সেই বন্ধুৰ হাততে পৰাস্ত হ’ল নীৰজ।
ৰূপৰ পদক জিকাৰ পিছত নীৰজক শুভেচ্ছা জনায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। নিজৰ এক্স হেণ্ডেলযোগে নীৰজক মোদীয়ে জনালে শুভেচ্ছা। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়- ‘নীৰজ চোপ্ৰা এগৰাকী উত্তম ব্যক্তিত্বৰ অধিকাৰী। তেঁও বাৰে বাৰে নিজৰ উজ্জ্বলতা দেখুৱাইছে। ভাৰত আজি উৎফুল্লিত যে তেওঁ আন এক অলিম্পিকত সফলতা অৰ্জন কৰিছে। ৰূপ জয় কৰাৰ বাবে তেওঁক অভিনন্দন।’
পেৰিছ অলিম্পিকৰ পূৰ্বে নীৰজৰ লক্ষ্য আছিল ৯০ মিটাৰৰ অধিক দলিওৱা। পেৰিছত পদক জিকাৰ বাবে ইমানেই গুৰুত্ব দিছিল যে এই বছৰ খুব কম প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। আঘাতৰ প্ৰতি নজৰ দিছে। প্ৰয়োজনীয় বিশ্ৰাম লৈছে। কঠোৰ অনুশীলন কৰিছে
পেৰিছ অলিম্পিকত পুৰুষৰ জেভলিন থ্ৰোত ৰূপৰ পদক জয় কৰাৰ পিছত নীৰজ চোপ্ৰাই কয় যে, “প্ৰতিযোগিতাখন চমৎকাৰ আছিল। প্ৰতিজন খেলুৱৈৰ নিজৰ দিন আহে, আজি আৰ্শাদৰ দিন আছিল। টকিঅ’, বুদাপেষ্ট, এছিয়ান গেমছৰ দিনটো মোৰ আছিল। মই মোৰ সৰ্বশ্ৰেষ্ঠ প্ৰদান কৰিছিলো, কিন্তু কিছুমান বস্তু আছে যাক চাব লাগিব আৰু কাম কৰিব লাগিব। আমাৰ জাতীয় সংগীত আজি বজোৱা নহ’ব পাৰে, কিন্তু ভৱিষ্যতে ইয়াক আন কোনো ঠাইত বজোৱা হ’ব।”
নীৰজে আৰু কৈছিল যে থ্ৰোটো ‘‘টকিঅ’তকৈ ভাল আৰ্শাদেও খুব ভালদৰে দলিয়াইছে আৰু আপোনালোক সকলোৱে জানে যে মোৰ আঘাতৰ সমস্যা আছে, আৰু এইটো অলপ চিন্তাশীল হ’ব লাগিব, কাম কৰিব লাগিব আৰু এতিয়া সিদ্ধান্ত লোৱাৰ সময় হৈছে কাৰণ এতিয়া সকলো ঠিকআছে। কিন্তু এতিয়াও আগবাঢ়িবলৈ বাকী আছে। এতিয়া সকলো ঠিক কৰিম। যেতিয়াই আপুনি দেশৰ বাবে জিকে গৌৰৱ অনুভৱ কৰো। মই জানো সকলোৰে আশা আছিল কিন্তু যি ভাবিছিলো সেয়া পোৱা নাছিল কিন্তু পদক এটা পদক।’’
“দুটা বিশ্ব চেম্পিয়নশ্বিপ পদক আছিল, তাৰ পিছত আছিল ডায়মণ্ড লীগ, এছিয়ান গেমছ আৰু আজি অলিম্পিক। এতিয়ালৈকে যাত্ৰাটো বহুত ভাল আছিল। যেতিয়া মই আৰম্ভ কৰিছিলো, মই ভবা নাছিলো, কিন্তু আজি মই যি পাইছো সেয়া বহুত ভাল। মই সদায় পোৱা সমৰ্থনৰ বাবে সকলো সংগঠনক ধন্যবাদ জনাইছো৷