Sports

ভাৰতীয় ফুটবল তাৰকা সুনীল চেত্ৰীৰ অৱসৰ গ্ৰহণ

নিউজ ডেক্স, ৭ জুনঃ

কলকাতাত শেষৰ খন মেচ খেলি নিজৰ আন্তঃৰাষ্ট্ৰীয় ফুটবল কেৰিয়াৰৰ পৰা অৱসৰ গ্ৰহণ কৰে প্ৰতিভাসম্পন্ন খেলুৱৈ গৰাকীয়ে।ফুটবল আইকন সুনীল চেত্ৰীয়ে নিজৰ দুৰ্দান্ত প্ৰদৰ্শনৰে কেইবাটাও দশক জুৰি অনুৰাগীৰ মাজত তথা ফুটবল প্ৰেমীসকলৰ মনত নিজৰ এক বিশেষ পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হৈছিল। টুইটাৰ যোগে নিজৰ অৱসৰৰ কথা ঘোষণা কৰিছিল খেলুৱৈ গৰাকীয়ে।

কিংবদন্তি ষ্ট্ৰাইকাৰ সুনীল চেত্ৰীৰ অন্তিমখন আন্তৰ্জাতিক মেচত জয়ৰ সপোন আধৰুৱা হৈ ৰ’ল। শেষৰ খন মেচত জয়ী হ’ব নোৱাৰিলে ভাৰতীয় দল। দেশৰ জাৰ্ছিত অন্তিম খন মেচ খেলি বৰ্ণময় কেৰিয়াৰৰ সামৰণি মাৰে ফুটবল তাৰকা গৰাকীয়ে। ছল্টলেক ষ্টেডিয়ামত ভাৰত আৰু কুৱেইটৰ মাজত অনুষ্ঠিত হোৱা খেলখনত গ’ল শূন্য ভাবে সমাপ্ত হয়।

ঘৰুৱা খেলপথাৰত হাজাৰ হাজাৰ অনুৰাগীৰ সমৰ্থন লাভ কৰি বিজয় সাব্যস্ত নহ’ল ভাৰতীয় দলৰ। গ’ল শূন্য ড্ৰৰ ফলত ভাৰতে বিশ্বকাপৰ যোগ্যতা অৰ্জনত নিজৰ অৱস্থা জটিল কৰি তুলিলে। তৃতীয় ৰাউণ্ডত প্ৰৱেশৰ আশা ক্ষীণ হৈ পৰিল ভাৰতীয় দলৰ বাবে।জয়েৰে কেৰিয়াৰ সামৰাৰ সপোন দেখিলেও মেচখনৰ অসফলতাই কিছু পৰিমাণে হতাশ কৰিলে অধিনায়ক গৰাকীক। আনহাতে গ’লকীপাৰ গুৰপ্ৰিত সিং সান্ধুৰ সুন্দৰ প্ৰদৰ্শনে ভাৰতক নিশ্চিত গ’লৰ পৰা ৰক্ষা কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button