ভয়ংকৰ ৰে’ল দুৰ্ঘটনা,কাঞ্চনজংঘা এক্সপ্ৰেছত খুন্দা মালবাহী ৰে’লৰ, অসমৰো যাত্ৰী থকাৰ সন্দেহ

নিউজ ডেক্স, ১৭ জুনঃ
পবিত্ৰ ঈদৰ দিনটোতেই পশ্চিমবংগত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা৷ ১৩১৭৪ নম্বৰৰ কাঞ্চনজংঘা এক্সপ্ৰেছত পিছৰ পৰা খুন্দিয়ালে এখন মালবাহী ৰে’লে। সংঘৰ্ষৰ ফলত লাইনচ্যুত কেইবাটাও দবা। দাৰ্জিলিঙৰ ফান্সিদেৱাত সংঘটিত হৈছে এই দুৰ্ঘটনা। লাইনচ্যুত দবাত বহু যাত্ৰী আবদ্ধ হৈ থকাৰ সম্ভাৱনা।এ কেটা ট্ৰেকতে আহিছিল দুয়োখন ৰে’ল।বৃষ্টিপাতৰ পৰিমান অধিক হোৱাৰ বাবেই এই দুৰ্ঘটনাৰ সন্দেহ।খবৰ অনুসৰি, দুৰ্ঘটনাত কেইবাজনো যাত্ৰী আহত হোৱাৰ খবৰ। আহতসকলক উত্তৰ বংগৰ হাস্পতালত ভৰ্তি। ইতিমধ্যে সেই স্থানত উপস্থিত হৈছে উদ্ধাৰকাৰী দল৷ জানিব পৰা মতে, দুৰ্ঘটনাটোত এই পৰ্যন্ত ৫জন লোক নিহত হয়। দুৰ্ঘটনাক লৈ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ পোষ্ট।

শিলিগুৰিৰ পৰা কলকাতা সংযোগী মূল ৰে’লপথতে সংঘটিত হৈছে এই দুৰ্ঘটনা। আজি পুৱা ৮.২৭ বজাত সংঘটিত হয় এই ৰে’ল দুৰ্ঘটনা। জানিব পৰা মতে, স্বয়ংক্ৰিয় সংকেত বিকল হোৱাৰ ফলত উক্ত দুৰ্ঘটনাটো সংঘটিত হৈছে।
ৰেল দুৰ্ঘটনাৰ পিছতেই ৰে’ল বিভাগৰ পৰা মুকলি কৰি দিয়া হৈছে হেল্পলাইন নম্বৰো। যাত্ৰী তথা যাত্ৰীৰ আত্মীয়ৰ বাবে কেইবাটাও হেল্পলাইন নং মুকলি । যোগাযোগ কৰক 03674263831, 03674263958, 03674263120, 03674263126, 03674263858 নম্বৰত । ৰেল খনত সম্ভাৱনা আছে অসমৰ বহু যাত্ৰী থকাৰ,অম্বুবাছী মেলালৈ অহা বহু সাধু-সন্ত লোক । দুৰ্ঘটনাৰ পাছতেই কেইবাখনো ট্ৰেইনৰ চলাচল সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে।
কাঞ্চনজংঘা এক্সপ্ৰেছৰ অসমত আছে বহুকেইটা ষ্টপেজ। ত্ৰিপুৰাৰ ধৰ্মনগৰৰ পৰা নিউ কৰিমগঞ্জ ষ্টেচনত কাঞ্চনজংঘাৰ প্ৰথমটো ষ্টপেজ। তৰপিছত বদৰপুৰ, নিউ হাফলং, লামডিং, লংকা, হোজাই, গুৱাহাটী, কামাখ্যা, ৰঙিয়াত ষ্টপেজ। লগতে, বৰপেটা ৰোড, নিউ বঙাইগাঁও, কোকৰাঝাৰ, ফকিৰাগ্ৰাম, গোসাঁইগাঁও হাটতো আছে ষ্টপেজ।
পশ্চিমবংগৰ ৰে’ল দুৰ্ঘটনাক লৈ ছ’চিয়েল মিডিয়াত পোষ্ট কেন্দ্ৰীয় ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ । দুৰ্ঘটনাটোক দুৰ্ভাগ্যজনক আখ্যা ৰে’লমন্ত্ৰী বৈষ্ণৱৰ। যুদ্ধকালীন গতিত চলিছে উদ্ধাৰ অভিযান চলাৰ কথা উল্লেখ। ৰে’ল বিভাগৰ শীৰ্ষ বিষয়া ইতিমধ্যে উপস্থিত হৈছে ঘটনাস্থলীত।
