ভয়ংকৰ পথ দুৰ্ঘটনা! ট্ৰাকে মহটিয়াই নিলে ব’ল ব’মলৈ যোৱা ভক্তক

নিউজ ডেক্স, ১২ আগষ্টঃ
পুনৰ ৰাজ্য কঁপাই গ’ল এক ভয়ংকৰ দুৰ্ঘটনাই। ব’ল বমলৈ বুলি গৈ প্ৰাণ হেৰুৱালে ৫জনকৈ ভক্তই ৷
গোসাঁইগাঁৱৰ কচুগাঁও মহামায়া মন্দিৰৰ সন্মুখত ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত পুৱা সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। বলেৰ’ পিক আপ ভানত গৈছিল ব’ল ব’ম যাত্ৰীকেইগৰাকী। এই দুৰ্ঘটনাত ট্ৰাকৰ চেপাত থিতাতে নিহত হয় চাৰিজন আৰু দুজন আহত হয়। ট্ৰাকখনে প্ৰথমে বিষমূৰীত সংঘটিত কৰে দুৰ্ঘটনা, বিষমূৰীত ২জনকৈ লোকক মহটিয়াই পলায়ন কৰা ট্ৰাকখনে আকৌ গোসাঁইগাঁৱৰ কচুগাঁৱত ৪জনক মহটিয়াই লৈ যায়।
ঘটনা অনুসৰি, বাবা ধামত পূজা দি আহি কচুঁগাও মন্দিৰত পানী ঢালি নিজ গাড়ী বলেৰোত উঠাৰ সময়তে এখন কণ্টেনাৰে দুৰ্ঘটনা সংঘটিত কৰে। দুৰ্ঘটনা সংঘটিত কৰা কণ্টেনাৰখনৰ পঞ্জীয়ন নম্বৰ RJ 10GC 0217 বুলি জানিব পৰা গৈছে। ইতিমধ্যে ঘটনাস্থলীত গোসাইগাঁও মহকুমা আৰক্ষী বিষয়া আৰু কচুগাঁও আৰক্ষী উপস্থিত হৈছে।
নিহতসকল ক্ৰমে গোসাঁইগাঁৱৰ ১ নং হাতীগড় গাঁৱৰ সুক্ৰমন ৰায় (২০), জয় ৰায় (১১), বাপ্পী ঘোষ (২১) আৰু বাসুদেৱ ৰায় (২২) বুলি জানিব পৰা গৈছে। সংকটজনক অৱস্থাত নৱ ঘোষ (২৬) আৰু বিনন ৰায় (২২)ক আৰক্ষীয়ে কচুগাওঁ হাস্পতাললৈ লৈ যায় যদিও চিকিৎসালয়ত নৱ ঘোষ (২৬)ৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে।